• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

চিএনএনে দাবী কৰে যে আমেৰিকাৰ সংবিধানৰ প্ৰথম সংশোধনী আইন অনুসৰি চৰকাৰী বাধা বা হস্তক্ষেপ অবিহনে এনে সাংবাদিকতা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2026 12:27 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ সংবাদ মাধ্যমক লক্ষ্য কৰি লৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। শুকুৰবাৰে তেওঁ CNN, MS NOW আৰু Politico-ক হোৱাইট হাউছত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই তিনিটা সংবাদ মাধ্যমে আমেৰিকা প্ৰশাসনৰ বিষয়ে ‘ফেক নিউজ’ আৰু ‘নেগেটিভ’ বাতৰি প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে। আনকি ভৱিষ্যতে আৰু কেইবাটাও সংবাদ মাধ্যমৰ ওপৰত শাস্তি আৰোপ কৰা হ’ব পাৰে বুলিও তেওঁ ইংগিত দিছে।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, ‘চিএনএন, এমএছ নাও আৰু পলিটিকোক হোৱাইট হাউছৰ পৰা নিষিদ্ধ কৰা হৈছে।’ ইয়াৰ পিছতে অ’ভেল অফিচত অনুষ্ঠিত এক অনুষ্ঠানত সাংবাদিকৰ মুখামুখি হয় ট্ৰাম্প।

Apply Now

তাত নিষেধাজ্ঞাৰ কাৰণ সোধাত তেওঁ চিএনএনৰ বাতৰি ‘ভুৱা’ বুলি দাবী কৰাৰ লগতে এম এছ নাও আৰু পলিটিকোৰ কেইবাটাও প্ৰতিবেদনকলৈও অসন্তুষ্টিও প্ৰকাশ কৰে।

ট্ৰাম্পে কয় যে আমাৰ দেশত সৎভাৱে কাম কৰা সংবাদ মাধ্যমৰ প্ৰয়োজন। তেওঁৰ মতে, ভৱিষ্যতে আৰু অধিক সংবাদ মাধ্যম এই তালিকাত যোগ হ’ব পাৰে। সেই শাস্তিৰ পৰা হাত সাৰিবলৈ তেওঁলোকে কাম কৰাৰ ধৰণ সলনি কৰিব লাগিব।

অৱশ্যে এই নিষেধাজ্ঞা কেনেদৰে কাৰ্যকৰী হ’ব সেই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কোনো বিতং ব্যাখ্যা দিয়া নাই। শুকুৰবাৰে বিয়লিলৈকে হোৱাইট হাউছৰ চৌহদত চিএনএন, এমএছ নাও আৰু পলিটিকোৰ সাংবাদিকক দেখা গৈছিল।

তেওঁলোকক আঁতৰাই পঠোৱাৰ কোনো পদক্ষেপ লোৱা দেখা পোৱা নগ’ল। চিএনএনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ প্ৰতিবাদ জনাইছে। জনোৱা হৈছে যে ইয়াৰ কৰ্মীৰ লক্ষ্য হৈছে ‘ন্যায্য আৰু নিৰ্ভুল’ সাংবাদিকতা।

চিএনএনে লগতে দাবী কৰে যে আমেৰিকাৰ সংবিধানৰ প্ৰথম সংশোধনী আইন অনুসৰি চৰকাৰী বাধা বা হস্তক্ষেপ অবিহনে এনে সাংবাদিকতা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে।

সংবাদ মাধ্যম পলিটিকোৱে লগতে কয় যে নিষেধাজ্ঞা সত্ত্বেও তেওঁলোকে ট্ৰাম্প প্ৰশাসনৰ সকলো বাতৰি নিৰপেক্ষভাৱে প্ৰকাশ কৰিব। অৱশ্যে এই সিদ্ধান্তৰ পিছতো MS NOW ৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

আমেৰিকাৰ নেচনেল প্ৰেছ ক্লাবেও ট্ৰাম্পৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। নেশ্যনেল প্ৰেছ ক্লাবৰ সভাপতি মাৰ্ক শ্বুফে কয় যে কোনো সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি ভাল নাপায় বুলিয়েই তেওঁলোকৰ হোৱাইট হাউছত প্ৰৱেশৰ অধিকাৰ কাঢ়ি লোৱাটো অযুক্তিকৰ।

অৱশ্যে এয়া প্ৰথম এনে ঘটনা নহয়। দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ ঘূৰি অহাৰ পিছৰে পৰা কেইবাটাও সংবাদ মাধ্যমৰ সৈতে সংঘাতত লিপ্ত হৈছে ট্ৰাম্প প্ৰশাসন। যোৱা বছৰ এছ’চিয়েটেড প্ৰেছৰ সাংবাদিকসকলকো অ’ভেল অফিচ, এয়াৰ ফৰ্চ ৱান, আৰু কেইবাটাও চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণত বাধা দিয়া হৈছিল।

ইয়াৰ উপৰিও ট্ৰাম্প নিউয়ৰ্ক টাইমছ, ৱাল ষ্ট্ৰীট জাৰ্নেল, বিবিচিৰ সৈতেও আইনী সংঘাতত লিপ্ত হৈছে। দীৰ্ঘদিন ধৰি চিএনএন আমেৰিকাৰ টেলিভিছন সংবাদ মাধ্যমৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ।

সংশ্লিষ্ট মহলে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তক সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ প্ৰয়াস বুলি গণ্য কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তই ১৯৭৭ চনৰ শ্বেৰিল বনাম নাইট গোচৰৰ প্ৰসংগটো উত্থাপন কৰিছে।

সেই গোচৰত আমেৰিকাৰ ফেডাৰেল আপিল আদালতে কৈছিল যে হোৱাইট হাউছে সংবাদ মাধ্যমৰ বাবে নিজৰ দুৱাৰ মুকলি কৰিবলৈ বাধ্য নহয়। কিন্তু এবাৰ স্বীকৃতি পালে ইয়াৰ প্ৰৱেশ অস্বীকাৰ কৰিব নোৱাৰি।

আদালতে লগতে কৈছিল যে সাংবাদিকক প্ৰৱেশৰ পৰা বঞ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ চৰকাৰী স্বাৰ্থ থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট সাংবাদিকক সিদ্ধান্তৰ বিষয়ে অৱগত কৰি নিজৰ মতামত প্ৰকাশ কৰাৰ সুযোগ দিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd