DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২০২১ বৰ্ষৰ শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2020 8:55 pm
index.jpg
280
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ২০২১ বৰ্ষৰ শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰা হৈছে।

সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইজৰাইলৰ মাজত স্বাক্ষিৰত ‘ঐতিহাসিক শান্তি চুক্তি’ত  ট্ৰাম্পে লোৱা ভূমিকাৰ বাবে নৰৱেৰ সোঁপন্থী ৰাজনীতিক টাইব্ৰিং গেজড্ডেই ২০২১ বৰ্ষৰ শান্তি ন’বেল বঁটাৰ বাবে মনোনীত কৰিছে।

ফক্স-নিউজৰ এক সাক্ষাৎকাৰত টাইব্ৰিঙে কয়, “তেওঁ যোগ্য। মই ভাবো শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত অনান্য প্ৰাৰ্থীতকৈ শান্তিৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ (ট্ৰাম্প) বেছি চেষ্টা কৰি আহিছে।”

ট্ৰাইবিঙৰ মতে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যথেষ্ট পৰিমাণে চেষ্টা কৰি আহিছে।

ট্ৰাম্পৰ মনোনয়ন পত্ৰখনত টাইব্ৰিঙে ইজৰাইল আৰু ইউ এ ইৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবে লোৱা উদ্যোগৰ সৱিশেষ তথ্য দাঙি ধৰিছে।

“আশা কৰা হৈছে মধ্য প্ৰাচ্যৰ দেশসমূহে ইউ এ ইৰ পদাঙ্ক অনুসৰণ কৰিব। মধ্য প্ৰাচ্যৰ দেশসমূহে এই চুক্তিক সহযোগিতা কৰিলে ই মধ্য প্ৰাচ্যক এক সমৃদ্ধ অঞ্চললৈ পৰিণত কৰিব।” টাইব্ৰিঙে কয়।

ট্ৰাম্পৰ উদ্যোগত স্বাক্ষিৰত এই চুক্তিৰ চৰ্তাৱলীয়ে ইউ এ ই-ৰে একাধিক বাণিজ্য চুক্তি স্বাক্ষৰ কৰি ইজৰাইলৰ সৈতে ইয়াৰ সম্পৰ্ক স্বাভাৱিক কৰি তুলিব আৰু মধ্য প্ৰাচ্যত পশ্চিমৰ বিতৰ্কিত অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনাক ৰুদ্ধ কৰিব বুলিও টাইব্ৰিঙে কয়।

টাইব্ৰিঙে উত্তৰ কোৰিয়াৰ শাসক কিম উন জঙৰ সৈতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আলোচনাক বিশ্বৰ এক ঐতিহাসিক আৰু গতিশীল পদক্ষেপ বুলিও মন্তব্য কৰিছে।

টাইব্ৰিঙে আশা প্ৰকাশ কৰিছে যে ন’বেল কমিটিয়ে ট্ৰাম্পৰ শান্তিৰ পক্ষে লোৱা সকলো পদক্ষেপক বিবেচনা কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, উড্ৰো উইলচন, জিমি কাৰ্টাৰ আৰু থিওডোৰ ৰুজভেল্টে ইতিমধ্যে শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল।

স্মৰ্তব্য যে, উত্তৰ কোৰিয়াৰ পাৰমাণৱিক শস্ত্ৰ পৰীক্ষণ স্থগিত ৰখাত লোৱা ভূমিকাৰ বাবে ২০১৮ চনতো ড’নাল্ড ট্ৰাম্পক শান্তিৰ  ন’বেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd