অৱশেষত দুই চিৰবৈৰীৰ মুখামুখি হ’ব। শুকুৰবাৰে অ’ভাল অফিচত বৈঠকত মিলিত হ’ব নিউয়ৰ্ক চহৰৰ নৱনিৰ্বাচিত মেয়ৰ জোহৰাণ মামদানী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে লিখিছে, ‘নিউয়ৰ্ক চহৰৰ কমিউনিষ্ট মেয়ৰ জোহৰাণ মামদানীয়ে সাক্ষাৎ কৰিব বিচাৰিছে। আমি সিদ্ধান্ত লৈছো যে এই বৈঠক শুকুৰবাৰে অ’ভেল অফিচত অনুষ্ঠিত হ’ব।’ এই বৈঠকৰ আন তথ্য পিছত ঘোষণা কৰা হ’ব বুলি ট্ৰাম্পে কয়।
ট্ৰাম্পে আৰম্ভণিৰে পৰাই মামদানীৰ নীতিক সমালোচনা কৰি আহিছে। ৪ নৱেম্বৰৰ নিৰ্বাচনৰ ঠিক আগতে তেওঁ নিউয়ৰ্কৰ লোকসকলক সকীয়াই দিছিল যে মামদানীৰ জয় নিউয়ৰ্ক চহৰৰ বাবে “সম্পূৰ্ণ অৰ্থনৈতিক আৰু সামাজিক দুৰ্যোগ” হ’ব। অৱশ্যে সকলো বিৰোধিতাৰ মাজতো মামদানীয়ে জয়লাভ কৰে। ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কণ্ঠত অনুশোচনাৰ সুৰ শুনা গৈছে। তেওঁ কয়, “আমেৰিকাই কিছু সাৰ্বভৌমত্ব হেৰুৱাই পেলাইছে।”
তেওঁ কয়, “মই বহু বছৰ ধৰি সকীয়াই দি আহিছো যে বিৰোধীয়ে আমেৰিকাক কমিউনিষ্ট কিউবা, সমাজবাদী ভেনিজুৱেলালৈ ৰূপান্তৰিত কৰিবলৈ বদ্ধপৰিকৰ।আপুনি দেখিছে সেই ঠাইবোৰৰ কি হ’ল।” আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সকীয়াই দিয়ে যে যেতিয়া নিউয়ৰ্ক মামদানীৰ অধীনত কমিউনিষ্ট হ’ব তেতিয়া নিউয়ৰ্কবাসীয়ে ফ্ল’ৰিডালৈ পলায়ন কৰিবলৈ বাধ্য হ’ব।
উল্লেখ্য যে ১ জানুৱাৰীত নিউয়ৰ্কৰ মেয়ৰ হিচাপে শপত গ্ৰহণ কৰিব মামদানীয়ে।তেওঁ হ’ব নিউয়ৰ্ক চহৰৰ প্ৰথমজন মুছলমান মেয়ৰ। ইয়াৰ উপৰিও ৩৪ বছৰীয়া মামদানী নিউয়ৰ্কৰ ১০০ বছৰীয়া ইতিহাসৰ আটাইতকৈ কম বয়সীয়া মেয়ৰ হিচাপে পৰিগণিত হ’ব।




