পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়াৰ অভিযোগ; আত্মসমৰ্পণৰ বাবে সাজু ড’নাল্ড ট্ৰাম্প

ড'নাল্ড ট্রাম্প আৰু ষ্টৰ্মি ডেনিয়েলছ।

মুখ বন্ধ কৰি ৰাখিবলৈ পৰ্ণ তাৰকাক ধন দিয়াৰ অভিযোগত আদালতত আত্মসমৰ্পণ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।বৃহস্পতিবাৰে মানহাটানৰ গ্ৰেণ্ড জুৰীৰ আদালতত তেওঁক অভিযুক্ত কৰা হৈছিল।

অহা মঙলবাৰে নিউয়ৰ্ক প্ৰদেশৰ ল’ৱাৰ মানহাটানৰ ফৌজদাৰী আদালতত শুনানি গ্ৰহণ কৰা হ’ব। সেইদিনাই আত্মসমৰ্পণ কৰিব পাৰে ট্ৰাম্পে। শুকুৰবাৰে টেলিভিছনত দিয়া এক সাক্ষাৎকাৰত এই কথা কয় ট্ৰাম্পৰ অধিবক্তা জো টাকোপিনাই।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুজিৰ খেলিমেলি: মুখ্য বন্যপ্ৰাণী সংৰক্ষক পদৰ পৰা অপসাৰণ এম কে যাদৱক

ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ, ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত প্ৰাক্তন পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক তেওঁৰ দ্বাৰা বৃহৎ পৰিমাণৰ ধন দিয়া হৈছিল। ষ্টৰ্মি ডেনিয়েলছে দাবী কৰে যে ২০০৬ চনৰ গ্রীষ্মত ট্ৰাম্পৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক গঢ়ি উঠিছিল।

সেই বছৰৰ নৱেম্বৰৰ আশে-পাশে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বে ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনে ট্ৰাম্পৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ “মৌন হৈ থাকিবলৈ” তেওঁক ১ লাখ ৩০ হাজাৰ ডলাৰ দিছিল।

২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁক মুখ নুখুলিবলৈ মোটা অংকৰ ধন দিয়া হৈছিল। ট্ৰাম্পৰ প্ৰাক্তন অধিবক্তা মাইকেল কোহেনে তেওঁক ১ লাখ ৩০ হাজাৰ ডলাৰ পৰিশোধ কৰিছিল।

লগতে পঢ়ক: গুৱাহাটীৰ পানীখাইটিত পিষ্টলসহ আটক যুৱক

২০১৮ চনত এই ধনৰ লেনদেনৰ কথা পোহৰলৈ আহিছিল। ডেনিয়েলে সেই সময়ত ট্ৰাম্পৰ সৈতে হোৱা ‘গোপন চুক্তি’ বাতিল কৰিবলৈ আদালতত আবেদন জনাইছিল; আৰু তাৰ বাবেই ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ পুজি আইনৰ সম্ভাৱ্য উলংঘাৰ বাবে গোচৰ তৰা হয়।

ট্ৰাম্প হৈছে আমেৰিকাৰ ইতিহাসত অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা প্ৰথমজন প্ৰাক্তন ৰাষ্ট্ৰপতি।