NORTHEAST NOW (Assamese)

ড’নেট ফ’ৰ দেশ : লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিলে অনুদান সংগ্ৰহ অভিযান

December 18, 2023 3:17 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আহি আছে দেশৰ সাধাৰণ নিৰ্বাচন। ২০২৪ চনৰ আগছোৱাতে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইতিমধ্যেই শাসকবিৰোধী সকলোৱে কঁকালত টঙালি বান্ধিছে নিৰ্বাচনী যুঁজৰ বাবে। সৰ্বত্ৰোপ্ৰকাৰে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা কৰিছে শাসকবিৰোধী দুই শক্তিয়ে।

ইয়াৰ মাজতে সোমবাৰে কংগ্ৰেছে আৰম্ভ কৰিছে অনুদান সংগ্ৰহৰ অভিযান। ড’নেট ফ’ৰ দেশ অৰ্থাৎ দেশৰ বাবে দান কৰক শ্লগানেৰে কংগ্ৰেছে আৰম্ভ কৰিছে এই অভিযান।

সোমবাৰে এই অভিযানৰ শুভাৰম্ভণীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় – এই অভিযানৰ জৰিয়তে কংগ্ৰেছে সাধাৰণ জনতাৰ সহায় লৈ দেশখনক আগুৱাই নিব। কংগ্ৰেছে সদায় সাধাৰণ জনতাৰ সহায় লাভ কৰি আহিছে। মহাত্মা গান্ধীয়েও দেশবাসীৰ সহায় লৈ দেশৰ স্বাধীনতা

আন্দোলন কৰিছিল। এই অভিযান সমগ্ৰ দেশতে বিয়পি পৰিছে, মানুহ আগবাঢ়ি আহি দেশৰ বাবে দানবৰঙণি আগবঢ়াইছে।

লগতে খৰ্গেই কয়, “যদি আপুনি কেৱল ধনীসকলৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰি থাকে, তেন্তে ভৱিষ্যতে আপুনি তেওঁলোকৰ কাৰ্যসূচী আৰু নীতি গ্ৰহণ কৰিব লাগিব।”

তেওঁ কয় যে কংগ্ৰেছ হৈছে দেশৰ একমাত্ৰ দল যি দুখীয়াৰ লগত আছে।

উল্লেখ্য যে এই অনুদান অভিযানৰ জৰিয়তে ২৮ ডিচেম্বৰৰ ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে ১৩৮, ,৩৮০, ১৩,৮০০ টকা বা তাৰ ১০গুণ টকা অনুদান আগবঢ়াবলৈ এই প্ৰচাৰৰ জৰিয়তে ৰাইজক আহ্বান জনাইছে দলটোৱে।

কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, দলটোৱে আৰ্থিক সমস্যাত ভুগিছে আৰু বিজেপিৰ নিৰ্বাচনী যন্ত্ৰৰ বিৰুদ্ধে যুঁজিবলৈ ধনৰ নাটনিৰ হৈছে। কংগ্ৰেছৰ অভিযোগ যে বিজেপিয়ে অধিকাংশ নিৰ্বাচনী বণ্ড অধিগ্ৰহণ কৰিছে কাৰণ এই আঁচনিখন এনেদৰে ৰচনা কৰা হৈছে যাতে শাসকীয় দলৰ লাভ হয়।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে যোৱা শনিবাৰে সাংবাদিকৰ জনোৱা মতে এই অভিযান দলৰ প্ৰতিষ্ঠা দিৱস অৰ্থাৎ ২৮ ডিচেম্বৰলৈকে অনলাইনত থাকিব, তাৰ পিছত দলৰ স্বেচ্ছাসেৱকসকলে দলৰ সদস্য আৰু সমৰ্থক সকলৰ ঘৰে ঘৰে গৈ প্ৰতিটো বুথত কমেও ১০টা ঘৰ লক্ষ্য কৰি প্ৰতিটো ঘৰৰ পৰা কমেও ১৩৮ টকা বৰঙণি নিশ্চিত কৰিব।

লোকসভাত বৰাকৰ পৰা টিকত বিচাৰি আবেদন কংগ্ৰেছ নেত্ৰী নৈঋতা জয়শুক্লাৰ
কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ললিতমোহন শুক্লবৈদ্যৰ নাতি নৈঋতা জয়শুক্লা

Related News