নিৰ্বাচনী প্ৰক্ৰিয়াত জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো বিৰোধী দলসমূহে কিয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছে, তাক লৈ এইবাৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে।
তেওঁৰ স্পষ্ট বাৰ্তা, এফালে নিৰ্বাচনত জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা আৰু একে সময়তে সেই নিৰ্বাচনত অংশগ্ৰহণ কৰাটো সম্পূৰ্ণৰূপে এক পৰস্পৰবিৰোধী আচৰণ।
তেওঁৰ স্পষ্ট মত, বিৰোধীৰ এই দুমুখীয়া স্থিতিৰ ফলত ওলোটাই জালিয়াতিৰ নিৰ্বাচনকেই আইনী আৰু ৰাজনৈতিক বৈধতা প্ৰদান কৰা হয়। লগতে, দেশৰ ভোট প্ৰক্ৰিয়া যে অত্যন্ত নিকা আৰু নিৰপেক্ষ, সেই ভুৱা ধাৰণাকেই সাধাৰণ মানুহৰ আগত জীয়াই ৰখাত সহায় কৰা হয়।
শুক্ৰবাৰে সামাজিক মাধ্যম এক্সত কৰা এক পোষ্টত দীপকে প্ৰশ্ন কৰে, বিৰোধী দলসমূহে নিৰ্বাচন বৰ্জন কৰিলে তেওঁলোকৰ ৰাজনৈতিক অস্তিত্ব সংকটত পৰিব বা চিৰদিনৰ বাবে নিঃশেষ হৈ যাব বুলি ভয়তে ভোটত যুঁজ চলাই আছে নেকি? কিন্তু য’ত সাধাৰণ ৰাইজৰ প্ৰকৃত ভোটাধিকাৰেই কাঢ়ি নিয়া হৈছে, তাত তেওঁলোকে কি ৰাজনৈতিক অস্তিত্ব ৰক্ষা কৰাৰ চেষ্টা কৰিছে, তাক লৈয়ো তেওঁ প্ৰশ্ন উত্থাপন কৰে।
তেওঁৰ মতে, যদি সঁচাকৈয়ে দেশৰ ভোট প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হৈছে, তেন্তে ৰাজ্য বা ক্ষতিগ্ৰস্ত দল নিৰ্বিশেষে সকলো বিৰোধী একগোট হৈ নিৰ্বাচন বৰ্জন কৰাৰ দৰে কঠোৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে।
অভিজিৎ দীপকে বৰ্তমানৰ পৰিস্থিতি আৰু নিৰ্বাচনক এখন ফিক্সড ক্ৰিকেট মেচৰ সৈতে তুলনা কৰি এক বিস্ফোৰক দাবী কৰে। তেওঁ কয় যে, মেচ ফিক্সিং হোৱাৰ পিছতো খেলখনক সাধাৰণ দৰ্শকৰ চকুত প্ৰতিযোগিতামূলক কৰি তুলিবলৈ যিদৰে কিছুমান কেচ ইচ্ছাকৃতভাৱে এৰি দিয়া হয় বা শেষ অভাৰলৈকে মেচখন টানি নিয়াৰ নাটক কৰা হয়, ঠিক তেনেকৈয়ে জালিয়াতিৰ নিৰ্বাচনতো নিৰ্বাচন আয়োগ আৰু শাসকীয় দলে বিৰোধীক কেইখনমান আসনত জয়ী হ’বলৈ দি সমগ্ৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক প্ৰকৃত আৰু নিৰপেক্ষ দেখুওৱাৰ এক কৃত্ৰিম চেষ্টা চলায়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী কৰি সময়সীমা বান্ধি দিছিল দীপকে আৰু পদত্যাগ নকৰিলে ৰাজধানী দিল্লীত যন্তৰ মন্তৰ ২.০ অৰ্থাৎ গণ-আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, ভোটাৰ তালিকাত নাম সংযোজন, কৰ্তন আৰু সংশোধনৰ প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে যোৱা দহ মাহত নিৰ্বাচন আয়োগৰ ভিতৰত কমেও চৈধ্য বাৰ নীতিগত আপত্তি দৰ্শাইছিল। এই বিস্ফোৰক প্ৰতিবেদনৰ পিছত যেতিয়া ৰাষ্ট্ৰীয় ৰাজনীতি উত্তাল হৈ আছে, ঠিক তেনে সময়তে বিৰোধী দলসমূহৰ ভূমিকাক লৈ পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে চিজেপি প্ৰধানগৰাকীয়ে।
অৱশ্যে নিৰ্বাচন আয়োগে নিজৰ স্পষ্টীকৰণত জনাইছে যে, ভিন্ন মত বা চিন্তাধাৰা যিকোনো সাংবিধানিক সংস্কাৰমূলক ব্যৱস্থাৰেই এক স্বাভাৱিক অংশ আৰু এই সংক্ৰান্তীয় যাৱতীয় সিদ্ধান্ত শেষ পৰ্যন্ত সৰ্বসন্মতিক্ৰমেই গ্ৰহণ কৰা হৈছে।


