প্ৰচাৰত ব্যৱহাৰ নকৰিব শিশুকঃ ৰাজনৈতিক দলক সকীয়ালে নিৰ্বাচন আয়োগে

Lok Sabha polls Election Commission

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল সাজু কৰিছে ৰাজনৈতিক দলসমূহে। শাসক-বিৰোধী প্ৰতিটো দল শীঘ্ৰেই নামি পৰিব নিৰ্বাচনী প্ৰচাৰত।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেশৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহলৈ প্ৰেৰণ কৰিছে এক কঠোৰ নিৰ্দেশনা।

এক বিবৃতি যোগে আয়োগে ৰাজনৈতিক দলসমূহক পোষ্টাৰ-পমফ্লেট বিতৰণ বা শ্ল’গান দিয়াকে ধৰি যিকোনো প্ৰচাৰত শিশুক ব্যৱহাৰ কৰাত বাধা আৰোপ কৰিছে।

নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ত ৰাজনৈতিক নেতা আৰু প্ৰাৰ্থীয়ে শিশুক কোলাত তুলি, বাহনত শিশু কঢ়িয়াই নিয়া বা ৰেলীত কোনো ধৰণৰ প্ৰচাৰ কাৰ্যসূচীত ব্যৱহাৰ কৰিব নালাগে বুলি আয়োগে উল্লেখ কৰিছে।

আয়োগে লগতে কবিতা, গীত বা আন যিকোনো কথিত প্ৰচাৰ, ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ চিহ্ন প্ৰদৰ্শনতো শিশুক ব্যৱহাৰ কৰাত বাৰন কৰিছে।

অৱশ্যে ৰাজনৈতিক দলৰ কোনো নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত জড়িত নথকাকৈ ৰাজনৈতিক নেতাৰ ওচৰত পিতৃ-মাতৃ বা অভিভাৱকৰ সৈতে শিশুৰ উপস্থিতি নিৰ্দেশনা উলংঘা বুলি গণ্য কৰা নহ’ব বুলি উল্লেখ কৰা হৈছে।