নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

World's Shortest Adolescent

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে নেপালৰ কাঠমাণ্ডুৰ ডৰ বাহাদুৰক বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰ হিচাপে স্বীকৃতি দিছে।গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে যোৱা ২৩ মাৰ্চত কাঠমাণ্ডুত ডৰ বাহাদুৰৰ উচ্চতাৰ জোখ লোৱা হৈছিল। মাপৰ সময়ত তেওঁৰ উচ্চতা ৭৩ .৪৩ চেণ্টিমিটাৰ (২ ফুট ৪.৯) ইঞ্চি পোৱা গৈছিল।

উল্লেখ্য যে ডৰ বাহাদুৰ খাপাংগীৰ জন্ম হৈছিল ২০০৪ চনৰ ১৪ নৱেম্বৰত। ১৭ বৰ্ষীয় ডৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থিত সিন্ধুলী জিলাত নিজ পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে বাস কৰে।

কৃষক দম্পত্তিহালৰ কনিষ্ঠ পুত্ৰ ডৰে গাওঁখনৰে এখন বিদ্যালয়ত অধ্যয়ন কৰে।

কাঠমাণ্ডুত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ডৰ বাহাদুৰ খাপাংগীক নেপাল পৰ্যটন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ধনঞ্জয় ৰেগমীয়ে প্ৰমাণপত্ৰ প্ৰদান কৰে বুলি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে সদৰি কৰিছে।

ডৰৰ জেষ্ঠ ভাতৃ নাৰা বাহাদুৰ খাপাংগীয়ে ডৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকিতি পত্ৰ লাভ কৰাৰ বাবে গৌৰৱ অনুভৱ কৰিছে বুলি জানিবলৈ দিয়ে।

 

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিয়ে ডৰৰ স্কুলীয়া শিক্ষাত সহায় কৰিব বুলি আশা কৰিছে নাৰা বাহাদুৰে।

জেষ্ঠ ভাতৃ নাৰাই জানিবলৈ দিয়া মতে জন্মৰ সময়ত ডৰ স্বাভাৱিক অৱস্থাতেই আছিল। কিন্তু সাত বছৰ বয়সৰ পৰা তেওঁৰ উচ্চতা বৃদ্ধি হোৱা নাছিল।

ডৰ বাহাদুৰৰ উচ্চতা কিয় বৃদ্ধি পোৱা নাছিল সেই সম্পৰ্কে তেওঁলোকে কোনো ধাৰণা কৰিব পৰা নাছিল বুলি নাৰাই উল্লেখ কৰে।

উল্লেখ্য যে ডৰৰ পূৰ্বে বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ অভিলেখৰ গৰাকী আছিল নেপালৰে খাগেন্দ্ৰ থাপা মাগৰ। ১৯৯২ চনৰ অক্টোবৰত জন্ম গ্ৰহণ কৰা খাগেন্দ্ৰৰ উচ্চতা আছিল ৬৫.৫৮ চেমি (২ ফুট ১.৮ ইঞ্চি)।

খাগেন্দ্ৰই ১৮ বছৰ বয়সত আটাইতকৈ চুটি জীৱিত ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিছিল। অৱশ্যে ২০২০ চনত ২৭ বছৰ বয়সত খাখেন্দ্ৰই মৃত্যুক সাবটি লয়।

আনহাতে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি মতে বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তিজন হৈছে কলম্বিয়াৰ ৩৬ বৰ্ষীয় এডৱাৰ্ড হাৰ্নান্দেজ। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ তথ্য মতে তেওঁৰ উচ্চতা হৈছে ২ ফুট ৪.৩৯ ইঞ্চি (৭২.১০ চেমি)।

২০১০ চনৰ ১৩ এপ্ৰিলৰ পৰা হাৰ্নান্দেজৰ নামত এই অভিলেখ বাহাল আছে।