INDIA অতীত! ক্ষোভিত মমতাই ক’লে, কংগ্ৰেছে ৪০খন আসন পাবনে সন্দেহ!

INDIA Mamata Banerjee Congress

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে গঢ়ি তোলা বিৰোধী মিত্ৰজোঁট INDIA নিৰ্বাচনত নমাৰ পূৰ্বেই অন্তৰ্কন্দলত জুৰুলা হৈছে। ইতিমধ্যেই মিত্ৰজোঁটৰ এজন প্ৰধান আহ্বায়ক নীতিশ কুমাৰে INDIA ত্যাগ কৰি ঘূৰিছে বিজেপিৰ সংগলৈ।

কুমাৰৰ পিছতে আজি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধান বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। লগতে আগন্তুক নিৰ্বাচনত দলটোৰ সম্ভাৱনীয়তাক লৈয়ো প্ৰশ্ন তুলিছে মমতা বেনাৰ্জীয়ে।

কংগ্ৰেছৰ চলিত ভাৰত জোড়ো ন্যায় যাত্ৰা পশ্চিম বংগত প্ৰৱেশৰ পূৰ্বে দলটোৱে তেওঁক নজনোৱাক লৈ পুনৰ আক্ৰমণাত্মক হৈ উঠে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী। এই প্ৰসংগতে তেওঁ কংগ্ৰেছক অহংকাৰী আখ্যা দিয়ে আৰু দলটোক সাহসৰ প্ৰমাণ দিবলৈয়ো প্ৰত্যাহ্বান জনায়।

এক সভাত বক্তব্য ৰাখি বেনাৰ্জীয়ে কংগ্ৰেছে নিৰ্বাচনত ৩০০ খনৰ ভিতৰত ৪০ খন আসন যে লাভ কৰিব সেয়াও সন্দেহৰ বিষয় বুলি কটাক্ষ কৰে। দলটোৰ যদি সাহস আছে তেন্তে বাৰাণসীত বিজেপিক পৰাস্ত কৰক বুলি স্পষ্ট প্ৰত্যাহ্বান জনায় মমতা বেনাৰ্জীয়ে।

কংগ্ৰেছ এতিয়া পূৰ্বে জয়ী হোৱা স্থানতো পৰাস্ত হয় বুলি তেওঁ লগতে মন্তব্য কৰে। উল্লেখ্য যে নিৰ্বাচনত আসন ভাগ বতৰাক লৈ কংগ্ৰেছৰ সৈতে মতানৈক্য হৈছিল মমতা বেনাৰ্জীৰ। পশ্চিম বংগত দলটোক মাত্ৰ দুখন আসন দিয়াৰ বাবেহে মমতা বেনাৰ্জী ৰাজী হৈছিল।

কিন্তু তেওঁৰ এই প্ৰস্তাৱত কংগ্ৰেছে সন্মতি জনোৱা নাছিল। তাৰ পিছতে মমতা বেনাৰ্জীয়ে পশ্চিম বংগত তৃণমূলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিছিল। আজিৰ এনে বক্তব্যৰ পিছত মমতা বেনাৰ্জী যে INDIAৰ সৈতে যুক্ত হৈ থাকিব, সেয়া স্বাভাৱিকতেই অনিশ্চিত হৈ পৰিছে।