NORTHEAST NOW (Assamese)

‘কিতাপ পঢ়োঁ আহক’ আন্দোলনে ৰাজ্যজুৰি লাভ কৰিছে ব্যাপক সঁহাৰি : ড০ অমৰজ্যোতি চৌধুৰী

August 24, 2019 9:57 pm · শান্তনু শইকীয়া
Updated: August 24, 2019 10:19 pm

ড০ অমৰজ্যোতি চৌধুৰীৰ আহ্বানত গুৱাহাটী মহানগৰীত আনুষ্ঠানিকভাৱে আৰম্ভণি ঘটা ‘কিতাপ পঢ়োঁ আহক’ নামৰ বৌদ্ধিক আন্দোলনৰ আজি তৃতীয় পৰ্যায়ৰ বৌদ্ধিক আড্ডাত যথেষ্ট সংখ্যক শিল্পী, সাহিত্যিকস শিক্ষাবিদ, বুদ্ধিজীৱী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

গুৱাহাটীৰ জিলা পুথিভঁৰাল চৌহদৰ সন্মুখত অনুষ্ঠিত বৌদ্ধিক আদ্দাত ড° অমৰজ‍্যোতি চৌধুৰীৰ আহ্বানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে এই আন্দোলন সমগ্ৰ অসমৰ গাঁৱে-ভূঞে ব্যাপক প্ৰসাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়।

লগতে পঢ়ক http://গুৱাহাটীৰ জিলা পুথিভঁৰালৰ পৰা সমগ্ৰ অসমতে আৰম্ভ হ’ল কিতাপ পঢ়াৰ আন্দোলন

বিশেষকৈ স্কুলীয়া ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায় আৰু বিশিষ্ট নাগৰিকৰ পৰামৰ্শ লৈ অনাগত দিনত কিতাপ পঢ়াৰ আন্দোলন আগবঢ়াই নিব বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰে।

ড° অমৰজ‍্যোতি চৌধুৰীয়ে কিতাপ পঢ়াৰ আন্দোলনে ৰাজ্যজুৰি ব্যাপক সহাঁৰি পোবা বুলি জানিবলৈ দিয়ে।

লগতে তেওঁ কয় কিতাপ পঢ়াৰ আন্দোলন সফল কৰিবলৈ সকলোৱে ভাল কিতাপ পঢ়িবই লাগিব। নহ’লে এই আন্দোলনৰ অৰ্থ সাৰ্থক নহ’ব।

সদৌ গুৱাহাটী ছাত্ৰ সন্থা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংন্থাৰ সহযোগত অনুষ্ঠিত এই বৌদ্ধিক আড্ডাত সাহিত্যিক যতীন গোস্বামী, কীৰ্তিকমল ভূঞা, দয়ানন্দ পাঠক, জয়ন্ত দাস উপস্থিত থাকে।

Related News