জিএমচিএইচৰ যুৱ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। এবছৰীয়া পুত্ৰৰ প্ৰথম জন্মদিনতে মাতৃৰ মৃত্যুৰ এই ঘটনাই মৰ্মাহত কৰিছে পৰিয়াল আৰু আত্মীয়-স্বজনক।
প্ৰয়াত ডাঃ অনিন্দিতা পাটোৱাৰীৰ একমাত্ৰ সন্তানটোৰ নাম পোহৰ। আজি পোহৰৰ জন্মদিন। পোহৰৰ জন্মদিনটোতেই পৃথিৱীৰ পৰা মেলানি মাগিলে মাতৃ অনিন্দিতা পাটোৱাৰীয়ে।
উল্লেখ্য যে, এগৰাকী মেধাৱী ছাত্ৰী হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল ডাঃ অনিন্দিতা পাটোৱাৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হৈছিল অনিন্দিতা পাটোৱাৰী। কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত যোৰহাট মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী লাভ কৰে অনিন্দিতাই।
২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল ডাঃ অনিন্দিতা পাটোৱাৰী আৰু ভাৰ্গৱ কলিতা। ২০২৩ৰ ৯ নৱেম্বৰত তেওঁলোকৰ জীৱনলৈ আহিছিল পুত্ৰ পোহৰ। যোৱা বছৰৰে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত কৰ্কট ৰোগ ধৰা পৰিছিল অনিন্দিতা পাটোৱাৰীৰ। দীৰ্ঘদিন ধৰি গুৱাহাটীৰ হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল অনিন্দিতা।
সত্ৰীয়া, ভ’কেল ইত্যাদিত বিশাৰদ হৈ লণ্ডনত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছিল অনিন্দিতা পাটোৱাৰীয়ে।