NORTHEAST NOW (Assamese)

কংগ্রেছৰ পৰা আকস্মিক পদত্যাগ প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দে’ৰ

March 11, 2021 1:15 pm · এন ই নাও নিউজ

ৰাজ্যৰ ৰাজনীতি ক্ৰমাৎ গৰম হৈ পৰাৰ সময়তে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দে’ই আকস্মিক ভাবে পদত্যাগ কৰিছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ লিখা পত্ৰত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এই বুলি কৈছে যে কংগ্ৰেছ দলত এতিয়া একাংশৰ মাজত নৈতিকতা আৰু সততাৰ অভাৱ হৈছে ।

এনে পৰিস্থিতিত দলত থকাটো তেওঁৰ বাবে অসম্ভৱ কথা হৈ পৰিছে।

সেইবাবেই তেওঁ কংগ্ৰেছ দল ত্যাগ কৰা বুলি পত্ৰ খনত উল্লেখ কৰা হৈছে।

উল্লেখ্য হোজাই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ডাঃ অৰ্ধেন্দু কুমাৰ দে’ই ২০১১ চনৰ মে’ মাহত অসমৰ ভূমি সংৰক্ষণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী নেতা হিচাবে পৰিচিত দে’ৰ আধিপত্য লাহে লাহে দলটোত কমি আহিবলৈ ধৰিছিল।

সেইবাবেই তেওঁ পদত্যাগ কৰা বুলি বহুতে ধাৰণা কৰিছে।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰি অৰ্ধেন্দু কুমাৰ দে’ই আন কোনো দলত যোগদান কৰিব নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related News