NORTHEAST NOW (Assamese)

আপ’ক লৈ সাংসদ সুস্মিতা দেৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ডাঃ ভবেন চৌধুৰীৰ

September 10, 2024 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী

” তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে প্ৰদেশ তৃণমূলৰ সদ্য প্ৰাক্তন সভাপতি ৰিপুণ বৰাক সমালোচনা কৰিবলৈ গৈ অনাহকতে আম আদমী পাৰ্টিক সমালোচনা কৰিছে। সংবাদ প্ৰতিষ্ঠান আই এ এন এছৰ সৈতে মত বিনিময় কৰি তৃণমূলৰ নেত্ৰী গৰাকীয়ে লোকসভা নিৰ্বাচনত অসমত আপে দুটাকৈ সমষ্টিত নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰি ডেৰ লক্ষাধিক ভোট লাভৰ জৰিয়তে বিৰোধীৰ ভোট বিভাজন কৰাৰ অভিযোগ সঠিক নহয়। ৰিপুণ বৰাই কংগ্ৰেছত যোগ দিয়াৰ পিছত সুস্মিতা দেৱে কোনো কাৰণ নোহোৱাকৈ বিৰোধী দলৰ ভোট বিভাজনক লৈ আপ সন্দৰ্ভত কৰা মন্তব্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। “

আজি গণেশগুৰিস্থিত আপৰ কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সুস্মিতা দেৱৰ মন্তব্যৰ বিৰোধিতা কৰি এনেদৰে মত প্ৰকাশ কৰে।

ডাঃ চৌধুৰীয়ে কয়,” আম আদমী পাৰ্টিয়ে প্ৰথমাৱস্থাৰ পৰাই বিৰোধী দলৰ ঐক্যৰ পোষকতা কৰি আহিছিল। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মিত্ৰজোঁটৰ ৰাজনীতিৰ সকলো চৰ্ত উলংঘা কৰিডিব্ৰুগড় লোকসভা সমষ্টিৰ বাহিৰে আটাইকেইটা লোকসভা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে। অজাপৰ বাহিৰে বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ সৈতে কংগ্ৰেছ নেতৃত্বই বিশ্বাসঘাতকতা কৰে। এনে অৱস্থাত এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে আমি নিৰ্বাচনত নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। নিৰ্বাচনত ভোট বিভাজন কৰা কোনো দলৰে উদ্দেশ্য হ’ব নোৱাৰে। জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি আমি শক্তিশালী যুঁজত অৱতীৰ্ণ হৈছিলোঁ। গতিকে এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ বক্তব্যই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। “

Related News