• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাৰাষ্ট্ৰৰ বিজেপি সভাপতিৰ পুত্ৰৰ অতপালি : মদ খাই কেইবাখনো বাহনত খুন্দিয়াই পলায়ন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 10, 2024 4:04 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজনৈতিক নেতাৰ পুত্ৰ হ’লেই যি মন যায় তাকে কৰিব পাৰে নেকি? বিশেষকৈ বিজেপিৰ শক্তিশালী নেতাৰ সন্তানে? মহাৰাষ্ট্ৰৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱনকুলৰ পুত্ৰৰ কাণ্ডত এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে।

দেওবাৰে গভীৰ নিশা নাগপুৰত বিজেপিৰ নেতাগৰাকীৰ পুত্ৰৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত কেইবাখনো গাড়ীৰ ক্ষতিসাধন হয়। কেইবাখনো গাড়ীত খুন্দিয়াই পলায়ন কৰে নেতাজনৰ পুত্ৰ আৰু তেওঁৰ সংগীসকলে।

আৰক্ষীৰ সূত্ৰ অনুসৰি নগপুৰৰ ৰামদাসপথ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱনকুলৰ পুত্ৰ সংকেতৰ অ’ডি গাড়ীয়ে কেইবাখনো গাড়ীত খুন্দা মাৰে।

জানিব পৰা মতে, সংকেত বাৰ এখনৰ পৰা উভতি আহিছিল। সুৰাৰ নিশাত মত্ত আছিল সংকেত আৰু বন্ধুসকল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিজেপি নেতাৰ পুত্ৰ, বন্ধু-বান্ধৱী আৰু চালককে ধৰি মুঠ ৫জন লোক গাড়ীখনত আছিল।

সীতাবুল্ডি থানাৰ এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা মতে, গাড়ীখনত অহা সংকেত আৰু তিনিজন লোক পলায়ন কৰে। বাকী দুজনক ধৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে।

গাড়ীখনৰ চালক অৰ্জুন হাউৱে আৰু আন এজন ব্যক্তি ৰনিত চিত্তমৱাদক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে অভিযুক্ত দুজনে জামিন লাভ কৰিছে। লগতে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

ইফালে পুত্ৰৰ গোচৰ সন্দৰ্ভত মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতিৰ বক্তব্য, “আইন সকলোৰে বাবে সমান। আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰিব লাগে।”

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd