NORTHEAST NOW (Assamese)

আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰক ইণ্ডোনেছিয়াত সম্বৰ্ধনা

September 12, 2018 5:20 pm · উত্তম শইকীয়া

বিলুপ্তপ্ৰায় জাভা আৰু সুমাত্ৰা গঁড়ক সংৰক্ষণ কৰাৰ বাবে বিগত ১০ টা বছৰে সেৱা আগবঢ়াই অহাৰ বাবে অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰক আজি ইণ্ডোনেছিয়াত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

আজি ইণ্ডোনেছিয়াৰ বগ’ৰ (Bogor)  নামৰ মহানগৰীত থকা য়ায়াচান বাদাক ইণ্ডোনেছিয়া (Yayasan Badak Indonesia) অথবা ৰাইনো ফাউণ্ডেশ্যন অৱ ইণ্ডোনেছিয়া চমুকৈ ‘য়াবি’ৰ (YABI) মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত সংগঠনটোৰ কাৰ্যকৰী সঞ্চালক উইড’ড’ ৰামনোয়ে ড৹ বিভৱ কুমাৰ তালুকদাৰক সম্বৰ্ধনা জনায়৷

উল্লেখ্য যে আৰণ্যক নামৰ সংগঠন টোৰ সচিব প্ৰধান ড৹ তালুকদাৰে বিগত সময়ত এছিয়াৰ গঁড় সংৰক্ষণৰ অন্যতম সংগঠন ‘এছিয়ান ৰাইনো স্পিচিয়েলিষ্ট গ্ৰুপ’ৰ সভাপতি হিচাপে কাম কৰি আহিছে।

Related News