আজি নগাঁও আদালতে কৃষক নেতা অখিল গগৈৰ দুটাকৈ ধাৰা খাৰিজ কৰাৰ লগতে আনএটা ধাৰাৰ গোচৰ নগাঁও আদালতৰ পৰা কলিয়াবৰ আদলতলৈ স্থানান্তৰ কৰে। এই কথা আজি নগাঁও আদালতৰ প্ৰাংগণত অৱগত কৰে কৃষক নেতা অখিল গগৈয়ে।
লগতে কৃষক নেতা গৰাকীয়ে আজি কেইবাটাও গুৰুত্বপূৰ্ণ কথা সংবাদমাধ্যমৰ আগত উল্লেখ কৰে। কৃষক নেতা গৰাকীয়ে নাগৰিকত্ব বিধেয়ক প্ৰসংগত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বৰূপ উন্মোচিত কৰিলে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
তাৰোপৰি কৃষক নেতা গৰাকীয়ে কয়, ‘নাগৰিকত্ব সংশোধনী সম্পৰ্কে বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লোৱাৰ পাছতো অসম গণ পৰিষদে মুখ্যমন্ত্ৰীক লগ কৰি কেৱল সমষ্টি উন্নয়নৰ কথাহে আলোচনা কৰিলে। আচলতে অগপই এতিয়া আঞ্চলিকতাবাদ পাহৰি পেলাইছে৷ সেয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি মিত্ৰতা ভংগ কৰিব লাগে।’
ইফালে আজি অষ্টম দিনত ভৰি দিয়া ১০৮, ১০২ ৰ কৰ্মচাৰীয়ে GVKৰ বিৰুদ্ধে শোষণ-বঞ্চনাৰ অভিযোগ তুলি অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ কথা উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে কয়, ‘দক্ষ মন্ত্ৰী বুলি পৰিচিত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ GVK সৰ্ম্পকে মৌনতা ৰহস্যজনক। শীঘ্ৰে মুখ্য মন্ত্ৰীয়ে হস্তক্ষেপ কৰি সমস্যা কৰিব লাগে।
আনহাতে ৰাজ্যখনত চলি থকা মৰেল পুলিচ সৰ্ম্পকে উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে কয়, ‘অসম আৰক্ষীৰ ভূমিকা দুভাৰ্গ্যজনক। এতিয়া আইনৰ শাসন নাই, আৰ এছ এছ আৰু বিজেপিৰ গুণ্ডাগিৰিহে আছে। আৰক্ষী চকীত মৰেল পুলিচ, অথচ আৰক্ষী বিষয়াজন নিমাত।
ইয়াৰ উপৰি অতি সম্প্ৰতি ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন নদীত নাও দুৰ্ঘটনা হৈ থকা সৰ্ম্পকে উল্লেখ কৰি অখিল গগৈয়ে এতিয়া জল পৰিবহণ বিভাগ নাই আছে মাথোঁ ঠিকাদাৰ বুলি কয়। গতিকে অতি শীঘ্ৰে ভটভটি বন্ধ কৰি ফেৰি বা জাহাজ চৰকাৰী তত্ত্বাৱধানত চলাব লাগে।
লগতে গোটেই ভাৰতবৰ্ষতে মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ কথা উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে বিজেপিয়ে ডাঙৰ ডাঙৰ কোম্পানীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাবেই মূল্যবৃদ্ধি হোৱা বুলি কয়।