চৰকাৰে ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতো কৈ আছে যে বিষয়াসকল এইবোৰ খেলিমেলিৰ বাবে সমূলি দায়ী নহয়। আৰু এটা বিষয়ৰ পৰীক্ষা বাতিল হব লগা অৱস্থাৰ পাছতো চৰকাৰৰ এই যুক্তি কোনোমতে সঠিক বুলিব নোৱাৰি।ওপৰৰ বিষয়াই এনে খেলিমেলিৰ বাবে দায়িত্ব তথা শাস্তি মূৰ পাতি ল’ব লাগিব।
আৰু কি বিপৰ্যয় ঘটে, ঠিকনা নাই।অধ্যক্ষ আৰু সচিবক বিদায় দিব লাগিব। উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত অবিহনে প্ৰকৃত সত্য ধৰা নপৰিব; চৰকাৰৰ অসম-বিৰোধী, অসমৰ শিক্ষাব্যৱস্থা-বিনাশী চক্ৰান্তৰো স্বৰূপ ওলাই নপৰিব।
ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ মিছা বুলি ঘোষণা কৰা হৈছে।কিন্তু এই কথা ঘোষণা কৰাত কিয় ইমান পলম হ’ল? উচ্চ পদাধিকাৰী সকলে কিয় চাৰি-পাঁচ বজাৰ ভিতৰতে খবৰটো মিছা বুলি নিৰ্ণয় কৰি পুৱাই পৰীক্ষাৰ্থীক আশ্বস্ত কৰিব নোৱাৰিলে?
দুৰ্নীতি নহলেও চূড়ান্ত অকৰ্মণ্যতা!সেয়ে আগৰ দাবীৰ যথাৰ্থতা আছে। কাৰণ SEBAৰ বৰ্তমান অৱস্থা,তথা দুটাকৈ বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে SEBAৰ বৰ্তমান পৰিচালকসকল জগৰীয়া। SEBAৰ খেলিমেলি আৰু দুৰ্নীতি দূৰ কৰাৰ জৰুৰী প্ৰয়োজন আছে।
অসমৰ সুলভ ৰাজহুৱা শিক্ষা আৰু দুখীয়া জনগণৰ শিক্ষাৰ সুবিধা ধ্বংস হবলৈ দিব নোৱাৰি। সেয়ে ওপৰোক্ত দাবীত ৰাইজ অটল থাকক। মদাহী সদায় মদ বেপাৰীৰ সাক্ষী হয়। সেয়ে SEBA ৰক্ষাৰ দাবী নেৰিব।