• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,সাহিত্যিক-গৱেষক, ড.কুতুবুদ্দিন আহমেদৰ স্মৃতিত বিশেষ বক্তৃতা অনুষ্ঠান

তিলক প্ৰসাদ by তিলক প্ৰসাদ
July 4, 2021 5:38 pm
ku
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,গৱেষক -সাহিত্যিক ড.কুতুবুদ্দিন আহমেদৰ বৰ্ণাঢ্য জীৱনৰ স্মৃতি সোঁৱৰণ কৰি এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।

অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড. উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখন শিশু শিল্পী ময়ূৰী শৰ্মাই পৰিবেশন কৰা সুন্দৰ কোঁৱৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ অমৰ সৃষ্টি -লুইতৰ চাপৰিত কৰে নাঁৱৰীয়া গীতেৰে আৰম্ভ কৰা হয়।

Apply Now

সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু পণ্ডিত গৰাকীৰ চমু পৰিচিতি দাঙি ধৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে ।

আদৰণী ভাষণ প্ৰদান কৰে জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি হেমলতা কাকতিয়ে । বক্তৃতা অনুষ্ঠানটোৰ আৰম্ভণিতে অনুষ্ঠানৰ সঞ্চালক ড.উপেন্দ্ৰজিত শৰ্মাই সাহিত্যিকগৰাকীৰ লগত থকা সান্নিধ্যৰ সোঁৱৰণ কৰি কয় যে ড.কুতুবুদ্দিন আহমেদৰ নিচিনা সৰলমনা ,নীতি -নিষ্ঠ আদৰ্শপুষ্ঠ ব্যক্তি আমাৰ সমাজত বিৰল ।

পাণ্ডিত্যৰ লেখমানো অহংকাৰ নথকা ,নিস্কাম কৰ্ম প্ৰেৰণাৰ পৰিচায়ক আছিল এইগৰাকী ব্যক্তি ।অসমীয়া ভাষাক প্ৰাণভৰি ভালপোৱা ড.আহমেদে আজীৱন অসম সাহিত্য সভাৰ সেৱা কৰি গৈছিল । তেখেতে জীৱন কালত সাঁচি ৰখা ধনৰ পৰা ১০ লাখ টকা গৱেষণাৰ কামত ব্যৱহাৰ কৰিবলৈ নিস্বাৰ্থভাবে অসম সাহিত্যলৈ আগবঢ়াই যায় ।

অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱাই ।
ভাষণ প্ৰসংগত বৰুৱাই ড.কুতুবুদ্দিন আহমেদৰ সৰলমনা ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰে ।যোৰহাটৰ প্ৰসিদ্ধ শিল্পী ,কবি জুলি বৰুৱাই ড.কুতুবুদ্দিন আহমেদৰ ওপৰত ৰচনা কৰা কবিতা এটি পাঠ কৰে ।

যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক ,বিশিষ্ট সাহিত্যিক ড.মাণিক শইকীয়াই “ড.কুতুবুদ্দিন আহমেদৰ জীৱন -প্ৰজ্ঞা,সাধনা “শীৰ্ষক বিশেষ বক্তৃতা প্ৰদান কৰে ।ভাষণ প্ৰসংগত ড.শইকীয়াই সাহিত্যিকগৰাকীৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দাঙি ধৰাৰ লগতে তেওঁৰ নিস্কাম ভাবপূৰ্ণ কাৰ্যাৱলীৰ ৰেখাপাত কৰে ।তাৰে উদাহৰণ দিবলৈ গৈ তেওঁ কয় যেএই গৰাকী সাহিত্যিকৰ জীৱন চৰ্যা আছিল নিচেই সৰল আৰু সাধাৰণ | বহুতৰ বাবে ঈস্পিত ধন -ঐশ্বৰ্য ,বিভূতিৰ প্ৰতি তেওঁ আছিল নিৰাসক্ত |সৰলতা আছিল তেওঁৰ জীৱনৰ ভূষণ ।

dddd

গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হোৱা সভাখনত পণ্ডিতগৰাকীৰ পাণ্ডিত্যৰ লগতে সান্নিধ্যৰ সোঁৱৰণ আৰু অনুষ্ঠানৰ অনুভৱ ব্যক্ত কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড.ৰাতুল চন্দ্ৰ বৰা ,ড. বৰাই ভাষণ প্ৰসংগত জানিবলৈ দিয়ে যে যোৰহাট জিলা সাহিত্য সভাই এইগৰাকী ব্যক্তিৰ নিৰলস সাহিত্য সাধনা আৰু ভাষা -জননীৰ নিস্বাৰ্থ সেৱাৰ বাবে এইবেলি যোৰহাট গ্ৰন্থ মেলাত “সাহিত্য প্ৰাণ”উপাধিৰে বিভূষিত কৰিছে ।

অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাচা , অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ডা.গিৰীশ সন্দিকৈ ,প্ৰাক্তন সহকাৰী সম্পাদক দেৱজিত বৰা ,অধ্যাপক জীৱমণি নাথ,বিশিষ্ট সাহিত্যিক , যোৰহাট জে.বি. মহাবিদ্যালয়ৰ অধ্যাপিকা ড.জ্যোতিৰেখা হাজৰিকা , হোজাই জিলা সাহিত্য সভাৰ সম্পাদক ,সাহিত্যিক অনুপ বৰঠাকুৰ ,নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা , কামৰূপ মহানগৰ জিলাসাহিত্য সভাৰ বিষয়ববীয়া অংকুৰ ৰায় মেধী,কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেন ভৰালী , ,ধুবুৰীৰ বৰ্ষীয়ান সাহিত্যিক দেবেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে বিশিষ্টসকলে ।

অনুষ্ঠানত মাজুলীৰ পৰা শংকু সিদ্ধ নাথ ,ধুবুৰীৰ পৰা আব্দুল হানিফ খান ,তিলক প্ৰসাদ প্ৰমুখ্যে নৱ প্ৰজন্মৰ কবি -সাহিত্যিক সকলে কবিতা আৰু শ্বায়েৰীৰে সাহিত্যিক গৰাকীক স্মৰণ কৰে |

ৰামধেনু উপ-সমিতিৰ কাৰ্যকৰী সভাপতি মিহিৰ দাস ,মিলনদেৱী ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ড.অলকা শৰ্মা ,ছাইফুল হাচান ,প্ৰমুখ্যে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ -ছাত্ৰীবৃন্দই ।ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়ে সভাপতিৰ বক্তব্য আৰু মন্তব্য প্ৰদান কৰে |শলাগ জ্ঞাপন কৰে জিলা সম্পাদক আজাদ আলী আহমেদে ।অসম সংগীতেৰে সভাৰ সামৰণি পৰে ।

তিলক প্ৰসাদ

তিলক প্ৰসাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd