DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘শ্ৰীমন্ত শংকৰদেৱ -দ্য পলিমেথ ফ্ৰম ইণ্ডিয়া’ শীৰ্ষক অনলাইন বক্তৃতাৰ বাবে আমেৰিকাৰ ৰাটগাৰ্চ বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ ড°সঞ্জীৱ কুমাৰ বৰকাকতিক

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
September 18, 2021 2:11 pm
149
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাটগাৰ্চ বিশ্ববিদ্যালয়ে অহা ২৮ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে ।

বিশ্ববিদ্যালয় খনৰ দক্ষিণ এছিয়া অধ্যয়ন পাঠ্যক্ৰমৰ অন্তৰ্গত এই অনুষ্ঠানটোত বক্তৃতা দিবলৈ আমন্ত্ৰিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে বিগত তিনি দশক ধৰি নিৰৱচ্ছিন্নভাৱে গৱেষণা কৰি থকা ড° সঞ্জীৱ কুমাৰ বৰকাকতি ।

আমেৰিকা যুক্তৰাষ্ট্ৰত থকা প্ৰৱাসী অসমীয়া সকলৰ অনুষ্ঠান ‘নামঘৰ এছ’ছিয়েশ্যন অব আমেৰিকাই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াইছে ।

২৮ছেপ্টেম্বৰৰ সন্ধিয়া৯-৩০ বজাৰ পৰা ১০-৩০ বজালৈ বক্তৃতাটো অনুস্থিত হব ।

ৰাটগাৰ্চ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জুলিয়া ষ্টিফেনচে  আদৰণি ভাষণ দিব ।

বিশ্ববিদ্যালয় খনত গৱেষণাৰত ছাত্ৰ -ছাত্ৰী সকলৰ উপৰিও অধ্যাপক অধ্যাপিকাসকলেও ইয়াত অংশগ্ৰহণ কৰিব ।

ড° বৰকাকতিয়ে বক্তৃতাৰ অন্তত তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব  । জানিব পৰা মতে ড° বৰকাকতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভা সম্পৰ্কে এটি আভাস তেওঁৰ বক্তৃতাত দিব । সেইবাবে বক্তৃতাটোৰ নাম ‘শ্ৰীমন্ত শংকৰদেৱ-দ্য পলিমেথ ফ্ৰম ইণ্ডিয়া ‘ৰখা হৈছে ।

ইতিমধ্যে শ্ৰোতা দৰ্শকক পঞ্জীয়ন কৰিবলৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা  তেওঁলোকৰ ৱেবচাইটত লিংক দিয়া হৈছে ।  ইয়াৰ পূৰ্বতে ড° বৰকাকতিয়ে ২০১৯ চনত কলম্বোত কেলানিয়া বিশ্ববিদ্যালয়ত অসমৰ সত্ৰ সমূহৰ বিষয়ে এক বক্তৃতা দিছিল ।

২০২০ চনত তেওঁ ‘নামঘৰ এছ’ছিয়েশ্যন অব আমেৰিকাৰ’ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে এটি অনলাইন বক্তৃতা দিছিল ।

প্ৰায় তিনিকুৰি গ্ৰন্থৰ প্ৰণেতা ড° বৰকাকতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৃতি সম্পৰ্কে ইতিমধ্যেই ৪১ খন গ্ৰন্থ প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে তাৰ ভিতৰত আধা খিনিয়ে ইংৰাজী ভাষাত ৰচিত ।

বিদেশৰ অনেক বিশ্ববিদ্যালয়ে তেওঁৰ এই গ্ৰন্থসমূহ  সংৰক্ষণ কৰিছে ।

এনে বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অক্সফৰ্ড, কেম্ব্ৰিজ, চিকাগো, ষ্টনফৰ্ড, মিচিগান, টৰ’ন্ট, হাইছেলবাৰ্গ, কলম্বিয়া, ৱাচিংটন আদি বিশ্ববিদ্যালয় অন্যতম ।

উল্লেখযোগ্য যে ছচাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ নামত আন্তৰ্জাতিক সংস্থাটোৰ সভাপতি ড°বৰকাকতিয়ে ইন্টাৰনেটৰ মাধ্যমেৰে শ্ৰীমন্ত শংকৰদেৱৰ কৃতি সমূহ প্ৰচাৰ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ।

বিগত দহ বছৰ ধৰি তেওঁ কেইবাটাও ৱেবচাইট সৃষ্টি আৰু পৰিচালনা কৰিছে ।

Recent News

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd