NORTHEAST NOW (Assamese)

অনুবাদ সাহিত্যৰ বাবে বিশিষ্ট লেখক ডঃ সঞ্জীৱ উপাধ্যায়লৈ সাহিত্য অকাডেমী বঁটা

June 25, 2022 6:31 am · কাজি জেইদুল ইছলাম, বিশ্বনাথ
ডঃ সঞ্জীৱ উপাধ্যায়।

সাহিত্য অকাডেমীয়ে শুকুৰবাৰে অনুবাদ সাহিত্যৰ বাবে অকাডেমী বঁটাসমূহ ঘোষণা কৰিছে।

বিশ্বনাথৰ গেলাপুখুৰী নিবাসী তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ সঞ্জীৱ উপাধ্যায়ক তেওঁৰ অনুবাদ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী  বঁটা-২০২১ আগবঢ়োৱা হৈছে ।

লগতে পঢ়ক: পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা

ডঃ সঞ্জীৱ উপাধ্যায়ে অসমৰ স্বনামধন্য সাহিত্যিক হোমেন ববৰগোহাঞিৰ ‘পিতা পুত্র’ উপন্যাসখন ‘বাবু-ছোৰা’ নামেৰে নেপালী ভাষালৈ অনুবাদ কৰি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।

ডঃ উপাধ্যায়ে ইতিমধ্যে প্ৰায় ২০ খন পাঠ্যপুথিৰ উপৰিও অসমীয়া, নেপালী আৰু  ইংৰাজী ভাষাত ২০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। 

Related News