সুদীৰ্ঘ ৫৭বছৰ ধৰি ৰোগী চাই অহা চিকিৎসকগৰাকীয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত (Guinness World Record)ত নাম সুমুৱাবলৈ সক্ষম হৈছে।
১টকাৰ ডাক্তৰ হিচাপে পৰিচিত সুশোভন বন্দোপাধ্যায়ক বৃহস্পতিবাৰে লংগেষ্ট এৱাৰনেছ ৰিবন (Longest Awareness Ribbon)পুৰষ্কাৰ প্ৰদান কৰা হয়।
‘সংবাদ প্ৰতিদিন’ৰ বাতৰি অনুসৰি, গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ ফালৰ পৰা চিকিৎসক বন্দোপাধ্যায়ক তেওঁৰ ঘৰ পশ্চিমবংগৰ বোলপুৰত এই পুৰষ্কাৰ প্ৰদান কৰে।
কেইমাহমান পূৰ্বে ডাক্তৰ বন্দোপাধ্যায়ক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল।
বীৰভূম আৰু ইয়াৰ চৌপাশৰ অঞ্চসমূহৰ বিভিন্ন ৰোগত ভোগা দৰিদ্ৰ অৱস্থাৰ ৰোগী আহি প্ৰতিদিনে ডাঃ বন্দোপাধ্যায়ৰ ঘৰত ভিৰ কৰেহি।
চিকিৎসকগৰাকীয়ে কোনোদিনে ৰোগীসকলক বিমুখ কৰা নাই। গৰীবৰ ডাক্তৰ বা ১টকাৰ ডাক্তৰ হিচাপে পৰিচিত ডাক্তৰ সুশোভন বন্দোপাধ্যায়ে কেইবা দশক ধৰি চিকিৎসাৰ বাবে ৰোগীসকলৰ পৰা গাইপতি ১টকাকৈ লৈ আহিছে।
১৯৬২ চনত চিকিৎসা ডিগ্ৰী গ্ৰহণ কৰা বন্দোপাধ্যায়ে লণ্ডনতো উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। হাস্পাতল চাকৰি কৰাৰ সমান্তৰালকৈ দৰিদ্ৰ লোকসকলৰ পৰা মাত্ৰ ১টকা ফীজ গ্ৰহণ কৰি তেওঁ চিকিৎসা সেৱা আগবঢ়াই আহিছে।
১৯৬৩চনৰ পৰা এতিয়ালৈকে তেওঁ এইদৰে ৰোগী চাই আহিছে। নিজৰ স্বাস্থ্যৰ অৱস্থা কিছু দুৰ্বল হৈ পৰিছে যদিও ৰোগীৰ সেৱাৰ পৰা তেওঁ আঁতৰি অহা নাই।
দৈনিক ৰাতিপুৱাৰ পৰা কমেও ১৫০ জন ৰোগীক পৰীক্ষা কৰে ডাঃ সুশোভন বন্দোপাধ্যায়ে।
বিগত ৫৭বছৰ ধৰি দিনে ১৫০জনকৈ ৰোগী চাই অহা ডাঃ বন্দোপাধ্যায়ক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ ফালৰ পৰা জনোৱা সন্মানৰ বাবে চিকিৎসকগৰাকী উৎসাহিত হৈ পৰিছে।