• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনী বতাহৰ মাজতে অসমত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা: ৪.৮ লাখ নাম কৰ্তন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2025 7:19 pm
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগে ৰাজ্যৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। ২৭ ডিচেম্বৰত প্ৰকাশিত এই তালিকাখন ঘৰে ঘৰে গৈ চলোৱা এক বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। এই নতুন খচৰা তালিকা অনুসৰি ৰাজ্যখনত প্ৰায় ৪,৭৮,৯৯২ গৰাকী ভোটাৰক চিনাক্ত কৰি তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০২,৭৭৫ গৰাকী। ইয়াৰ ভিতৰত ১,২৫,৭২,৫৮৩ গৰাকী পুৰুষ ভোটাৰ থকাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,২৬,২৮,৬৬২ গৰাকী আৰু অন্যান্য লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৩৭৯ গৰাকী।

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই খচৰা তালিকাখন এক বিশেষ সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰকাশ কৰা হৈছে যাতে ভোটাৰসকলে নিজৰ তথ্যসমূহ পৰীক্ষা কৰি ল’ব পাৰে। যদি কোনো ভোটাৰৰ নাম, বয়স, ঠিকনা বা অন্য কোনো ব্যক্তিগত তথ্যত ভুল থাকে, তেন্তে তেওঁলোকে অহা ২২ জানুৱাৰী ২০২৬ লৈকে দাবী বা আপত্তিৰ আবেদন কৰিব পাৰিব। এই দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰাৰ পিছত নিৰ্বাচন আয়োগে অহা ১০ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰিব। ভোটাৰসকলে চৰকাৰী ৱেবচাইট ceoassam.nic.in ত গৈ নিজৰ নাম আৰু তথ্যসমূহ পৰীক্ষা কৰিব পাৰিব।

Apply Now

ইপিনে গুৱাহাটীত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছাত্তাৱনে এখন সংবাদমেল সম্বোধন কৰি জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ তথ্য সদৰী কৰে। তেওঁ জনোৱা অনুসৰি কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০,৭৫,৫৭৬ গৰাকী। জিলাখনত পূৰ্বৰ তুলনাত ১.৬৩ শতাংশ ভোটাৰ বৃদ্ধি পাইছে। সমষ্টিসমূহৰ ভিতৰত দিছপুৰত ২,৪৯,৭৪৬ গৰাকী, ডিমৰীয়াত ২,২১,০৯৯ গৰাকী, নিউ গুৱাহাটীত ১,৯৬,০১৬ গৰাকী, গুৱাহাটী চেণ্ট্ৰেলত ১,৯৮,০৯১ গৰাকী আৰু জালুকবাৰী সমষ্টিত ২,১০,৬২৪ গৰাকী ভোটাৰ আছে। ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জিলাখনত ১০৫ টা নতুন ভোটকেন্দ্ৰ বৃদ্ধি কৰি মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ১২১৮ টা কৰা হৈছে।

জিলা আয়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভোটাৰ তালিকাৰ বিসংগতি দূৰ কৰাৰ বাবে অহা ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰৰ আয়োজন কৰা হ’ব। ৰাইজে নিজৰ দাবী বা আপত্তি বৰ্তমানৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া বা বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। ইয়াৰ উপৰি অনলাইন মাধ্যমৰ জৰিয়তে অৰ্থাৎ ভোটাৰ হেল্পলাইন এপ বা নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ জৰিয়তেও এই আবেদনসমূহ কৰাৰ সুবিধা উপলব্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে নিজৰ ভোটাৰ পৰিচয় পত্ৰৰ তথ্য সঠিক কৰি ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd