ওমানৰ ছালহা অঞ্চলৰ মুঘচিয়াল সমুদ্ৰ তীৰত সাগৰৰ ঢৌৱে উটুৱাই নিলে শশীকান্ত মহামানে আৰু তেওঁৰ দুই সন্তান ক্ৰমে ৯ বছৰীয়া শ্ৰুতি আৰু ৬ বছৰীয়া শ্ৰেয়াছক।
প্ৰবাসী ভাৰতীয় লোকৰ পৰিয়ালটোৱে ওমানলৈ ফুৰিবলৈ গৈছিল। পৰিয়ালটো মহাৰাষ্ট্ৰৰ যদিও তেওঁলোক ব্যৱসায়িক সূত্ৰে ডুবাইত থাকে। পৰিয়ালটোৱে ডুবাইৰ পৰা ওমানৰ সমুদ্ৰতীৰলৈ আহিছিল।
Its better to err on the side of daring than the side of caution ……
A little caution is better than a great regret
Please be cautious especially now, in view of severe rainfall alert pic.twitter.com/Lo6ga6o0t4— Shikha Goel, IPS (@Shikhagoel_IPS) July 12, 2022
সাগৰৰ ঢৌৱে মুহূৰ্তৰ ভিতৰতে প্ৰবাসী ভাৰতীয়ৰ পৰিয়ালটোেৰ দুটি শিশুক উটুৱাই লৈ যায়। শিশু দুটিৰ পিতৃ শশীকান্ত মহামানে নিজৰ সন্তানক বচাবলৈ চেষ্টা কৰোঁতে তেওঁকো উটুৱাই লৈ যায়।
ঘটনাটোৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বহু লোকে শোক প্ৰকাশ কৰিছে।ওমানৰ প্ৰশাসনে ডুবাৰুৰ সহায়ত শশীকান্ত আৰু শ্ৰেয়াছৰ মৃতদেহ উদ্ধাৰ কৰিছে। শ্ৰুতি এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।