NORTHEAST NOW (Assamese)

লাডাখৰ তেজ গোটমৰা শীতত কৰ্মৰত ভাৰতীয় সেনাৰ বাবে DRDO ই সাজি উলিয়ালে বিশেষ হিটাৰ

January 11, 2021 8:14 am · এন ই নাও নিউজ

লাডাখত চীন-ভাৰতৰ মাজত চলি থকা পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈছে  পৰিছে যদিও লাডাখৰ প্ৰাকৃতিক উষ্ণতা পিছে দিনক দিনে কমিহে গৈ আছে ।

শূন্য ডিগ্ৰীৰ তলত তাপমাত্ৰা থকা লাডাখত কৰ্মৰত ভাৰতীয় সেনাৰ জোৱানসকলে এতিয়া অঞ্চলটোত অতি জটিল প্ৰাকৃতিক পৰিবেশৰ মাজতে কৰ্তব্য সমাপন কৰিবলগীয়া হৈছে।

শেহতীয়াকৈ পুনৰ লাডাখত চীনৰ সেনাই আগ্ৰাসন চলাবলৈ চেষ্টা কৰাৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় সেনাই পহৰা বৃদ্ধি কৰিবলগীয়া হৈছে।

কিন্তু প্ৰচণ্ড শীতৰ বাবে ৰাতিৰ কথাটো বাবেই দিনৰ বেলিকাও লাডাখত পহৰা দিয়াটো দুৰূহ কথা হৈ পৰিছে।

ভাৰতীয় সেনাই লাডাখত শীতৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ কথা জনাই DRDO লৈ এখন পত্ৰ লিখিছিল।

পত্ৰ খনত লাডাখত কৰ্মৰত ভাৰতীয় সেনাৰ বাবে শীতৰ পৰা ৰক্ষা পোৱাৰ উপায় উদ্ভাৱন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

সেনাৰ অনুৰোধ ৰক্ষা কৰি শেহতীয়াকৈ DRDO ৰ ডিফেন্স ইনষ্টিটিউট অব ফিজিঅ’ল’জি এণ্ড এলাইড ছায়েন্সৰ সঞ্চালক ৰাজীৱ ভাৰছেনৰ নেতৃত্বত ৪২০ কোটি টকা ব্যয় কৰি এটা বিশেষ তাপ সৃষ্টিকাৰী যন্ত্ৰ সাজি উলিওৱা হৈছে।

এই যন্ত্ৰই বিশাল অঞ্চল এটা গৰম কৰি ৰাখিবলৈ সক্ষম হ’ব।

ইয়াৰ পূৰ্বেও DRDO ই বুখাৰী নামৰ এটা তাপ উৎপাদক যন্ত্ৰ সাজি উলিয়াইছিল।

লাডাখত কৰ্মৰত ভাৰতীয় সেনাৰ বাবে সাজি উলিওৱা যনত্ৰ বিধ পূৰ্বৰ যন্ত্ৰ বিধতকৈ উন্নত আৰু কম কাৰ্বন মনোক্সাইড গেছ সৃষ্টিকাৰী বুলি DRDO ৰ সূত্ৰই প্ৰকাশ কৰিছে।

Related News