হানী ট্ৰেপিঙৰ ফান্দত DRDO’ৰ বিজ্ঞানী; পাকিস্তানৰ হাতত ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য! গ্ৰেপ্তাৰ কুৰুলকাৰ

হানী ট্ৰেপিঙৰ ফান্দত পৰাৰ সন্দেহত গ্ৰেপ্তাৰ ডি আৰ ডি অ’ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ। ফটো: সংগ্ৰহীত।

মহাৰাষ্ট্ৰ আৰক্ষীৰ এণ্টি টেৰ’ৰিষ্ট স্কোয়াডে পুনেৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজন প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (DRDO) জ্যেষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত আছিল।পুনেৰ ডি আৰ ডি অ’ (ইঞ্জিনিয়াৰ্ছ)ৰ পৰিচালক বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ (৬০)ক হানী ট্ৰেপিঙৰ ফান্দত পৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয়।

এ টি এছৰ সূত্ৰ অনুসৰি বিজ্ঞানীগৰাকীয়ে পাকিস্তানী চোৰাংচোৱা সংস্থাটোৰ এগৰাকী মহিলা চোৰাংচোৱাৰ ‘হানী ট্ৰেপিং’ত আবদ্ধ হৈছিল যাৰ ফলত তেওঁ ডি আৰ ডি অ’ৰ সৈতে জড়িত সকলো গোপনীয় তথ্য চোৰাংচোৱা সংস্থাটোক দিছিল।

লগতে পঢ়ক: অশনি সংকেত! মেঘালয়লৈও বিয়পিছে কুকি-মেইটেই হিংসা, ১৬জনক আটক

এজন এ টি এছ বিষয়াই কয় যে আমি বিজ্ঞানীজন আৰু সেই এজেণ্টৰ চ্যাট, ভিডিঅ’ কলৰ দৰে বহু তথ্য পাইছো। বুধবাৰে গ্ৰেপ্তাৰ কৰে বিজ্ঞানীগৰাকীক। বৃহস্পতিবাৰে তেওঁক পুনেৰ আদালতত হাজিৰ কৰাৰ পিছত তেওঁক এ টি এছৰ জিম্মাত দিয়া হৈছে।

অভিযুক্ত বিজ্ঞানীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকাত বহু মিছাইল প্ৰকল্পৰ সৈতে জড়িত আছিল। মহাৰাষ্ট্ৰ ৰাজ্যিক সন্ত্ৰাসবাদ বিৰোধী গোটে এক বিবৃতিত কয় যে বিজ্ঞানীগৰাকী ডি আৰ ডি অ’ৰ বহু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত আছিল। ইয়াৰ ভিতৰত বহুতো মিছাইল প্ৰকল্পও অন্তৰ্ভুক্ত আছে।  

বিজ্ঞানীগৰাকীয়ে জানিছিল যে তেওঁৰ হাতত থকা গোপন তথ্য শত্ৰুৰ ওচৰ পালে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব। তথাপি হানী ট্ৰেপিঙৰ ফান্দত ভৰি দি শত্ৰুৰ এজেণ্টৰ আগত সকলো তথ্য প্ৰকাশ কৰে।

লগতে পঢ়ক: অৰাজক পাকিস্তান! বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে ৮ জন শিক্ষকক

ডি আৰ ডি অ’ৰ পৰা এজাহাৰ পোৱাৰ পিছত বিজ্ঞানীজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত ডি আৰ ডি অ’ই বিগত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰৰ পৰা এ টি এছক প্ৰাথমিক তথ্য প্ৰদান কৰিছিল। ইয়াৰ পিছত এ টি এছে বিজ্ঞানীজনৰ ভিডিঅ’ কল, ছ’চিয়েল চ্যাট আৰু ভইচ মেছেজৰ ট্ৰেচিং আৰম্ভ কৰে আৰু অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰে। মুম্বাইৰ এ টি এছৰ কালাচৌকী ইউনিটত অফিচিয়েল ছিক্ৰেটছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰখা হৈছে।

উল্লেখ্য যে সুন্দৰী মহিলা চোৰাংচোৱাৰ ব্যৱহাৰৰ জৰিয়তে চোৰাংচোৱা সংস্থাই কোনো গুৰুত্বপূৰ্ণ ব্যক্তিক ফান্দত পেলোৱাটোৱে হ’ল হানী ট্ৰেপ। ইয়াৰ বাবে মহিলা চোৰাংচোৱাগৰাকীয়ে নিজৰ সৌন্দৰ্য্য ব্যৱহাৰ কৰি নিজৰ লক্ষ্য ব্যক্তিক প্ৰভাৱিত কৰে।

লগতে পঢ়ক: অচিনাকি সম্পৰ্ক! মাতৃ হ’ব বিচাৰি ছ’চিয়েল মিডিয়াত সন্তানৰ ‘পিতৃ’ৰ সন্ধান যুৱতীৰ; তাৰ পিছত…

সাধাৰণতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে বন্ধুত্ব গঢ়াৰ পৰাই আৰম্ভ হয়। ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলৰ বাবেও একে পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। বন্ধুত্ব বাঢ়ি অহাৰ পাছত যৌন উত্তেজনামূলক কণ্ঠেৰে ভইচ কলৰ দ্বাৰা সন্মুখৰ ব্যক্তিজনক আকৰ্ষিত কৰা হয়।