• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অস্ত্ৰসহ গ্ৰেনেড বিস্ফোৰণত জড়িত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , August 10, 2019 8:57 pm

2 min read

অস্ত্ৰসহ গ্ৰেনেড বিস্ফোৰণত জড়িত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ
2.1k
VIEWS
Share on FacebookShare on Twitter

এক গোপন সূত্ৰৰ পম খেদি আজি পুৱা শিৱসাগৰ আৰক্ষীয়ে বকতা হাবিগাঁৱৰ পৰা আলফা স্বাধীনৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সদস্যজনক মৰাণৰ বিৰেন চেতিয়া ওৰফে ৰন্টু অসম বুলি চিনাক্ত কৰা হৈছে।

শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এই কথা সদৰী কৰি কয় যে এক গোপন সূত্ৰৰ পম খেদি শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত আৰক্ষী আৰু ১৪৯ চি আৰ পি এফৰ এটা দলে ৰন্টু অসমক আটক কৰিবলৈ সক্ষম হয়।

তেওঁৰ পৰা আৰক্ষীয়ে এটা গ্ৰেনেড, তিনিটা মোবাইল আৰু এন এছ চি এন ৰ কামাণ্ড চাৰ্টিফিকেট এখন জব্দ কৰে।

আনহাতে সোধা-পোচা কৰাত ধৃত আলফা সদস্যজনৰ পৰা বহু বিস্ফোৰক তথ্য লাভ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।  সদস্যজনে স্বীকাৰ কৰে যে যোৱা ১৮ নবেম্বৰত ডিমৌত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ লগত তেওঁ জড়িত আছিল।

আলফাৰ সদস্য আদ্যমানে তেওঁক নাগালেণ্ডলৈ নি গ্ৰেনেড নিক্ষেপ কৰাৰ প্ৰশিক্ষণ দিছিল বুলি জানিবলৈ দি কয় যে প্ৰশিক্ষণ লৈ আহি তেওঁ ডিমৌত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল।

ইয়াৰ পিছত তেওঁ নাগালেণ্ডলৈ পলায় যায় আৰু আনুষ্ঠানিকভাৱে আলফাত যোগদান কৰে। আনহাতে ম্যানমাৰৰ শিবিৰত প্ৰশিক্ষণ লৈ থকা সময়ত ম্যানমাৰৰ সেনাই আলফা তথা এন এচ চি এনৰ শিবিৰত আক্ৰমণ কৰাত তাৰ পৰা তেওঁ পলাই আহি নাগালেণ্ডৰ হোৱাইট বস্তি নামৰ আন এটা শিবিৰত আশ্ৰয় লয়হি।

পিছত পুনৰ গ্ৰেনেড আৰু এন এছ চি এনৰ কামাণ্ড চাৰ্টিফিকেট (Government Of The People Republic  Of Nagaland) সহ তেওঁ অসমত প্ৰৱেশ কৰে আৰু ডিমৌৰ বিভিন্ন ব্যক্তিৰ পৰা ধন দাবী আৰু ধন সংগ্ৰহ কৰে। আৰক্ষীক জনোৱা মতে তেওঁ এক লাখতকৈ অধিক টকা সংগ্ৰহ কৰিছিল।

স্বাধীনতা দিৱসৰ পূৰ্বে এইজন আলফা স্বাধীনৰ সদস্যক আটক কৰাটো শিৱসাগৰ আৰক্ষীৰ বাবে বৃহৎ সাফল্য বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে দাবী কৰে।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd