NORTHEAST NOW (Assamese)

টকিঅ’ অলিম্পিকত খেলাৰ সপোন ভংগ ভাৰতীয় মহিলা ফুটবল দলৰ

April 10, 2019 8:48 am · এন ই নাও নিউজ
ভাৰত আৰু ম্যানমাৰৰ মাজৰ খেলৰ মাজত এক মহুৰ্ত। উৎস- ইণ্টাৰনেট

ভাৰতৰ মহিলা ফুটবল দলটোৱে অলিম্পিক কোৱালিফায়াৰ্ছৰ দ্বিতীয় ৰাউণ্ডৰ এখন খেলত মঙলবাৰে ম্যানমাৰৰ সৈতে ৩-৩ গ’লত ড্ৰ খেলে। দ্বিতীয় ৰাউণ্ডত ম্যানমাৰৰ বিপক্ষে ড্ৰ খেলাৰ ফলত ভাৰতীয় দলটো ২০২০ চনত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ কোৱালিফায়াৰ্ছৰ দৌৰৰ পৰা বাহিৰ হৈ অলিম্পিকত খেলাৰ আশা নিৰ্বাপিত হয়।

মঙলবাৰে অনুষ্ঠিত হোৱা খেলখনত দুয়োটা দলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে যদিও ভাৰতীয় দলটোক প্ৰতিযোগিতাখনত বৰ্তি থকাৰ বাবে জয় অপৰিহাৰ্য্য আছিল। খেলখনত সন্ধ্যা ৰংগনাথনে দিয়া এটা দৰ্শনীয় গ’লেৰে ভাৰতে প্ৰথমে অগ্ৰগতি লাভ কৰিছিল। ভাৰতৰ এই অগ্ৰগতি বেছি সময়ৰ বাবে স্থায়ী নহ’ল, ম্যানমাৰৰ তাৰকা খেলুৱৈ উইন টিংগী টুনে ১৭ মিনিটত গ’ল কৰি খেলত সমতা স্থাপন কৰে।

প্ৰথমাৰ্ধৰ সমাপ্তিলৈ দুয়োটা দলে আৰু এটাকৈ গ’ল কৰি ২-২ গ’লত সমতা স্থাপন কৰি থাকে। দ্বিতীয়াৰ্ধৰ খেলত ভাৰতৰ ৰত্নৱালা দেৱীয়ে ৬২ মিনিটত গ’ল কৰি খেলখনত ভাৰতৰ জয়ৰ সম্ভাৱনা উজ্বল কৰি তুলিছিল যদিও  ৭২ মিনিটত টুনে ব্যক্তিগত ভাবে হেট্ৰিক অৰ্জন কৰি খেলখনত সমতা স্থাপন কৰে।

উল্লেখযোগ্য যে, ফিফা ৰেংকিঙত ভাৰতীয় দলটোৰ স্থান ৬২ হোৱাৰ বিপৰীতে ম্যানমাৰৰ স্থান ৪২। ভাৰত আৰু ম্যানমাৰ দুয়োটা দলৰ পইণ্ট সমান হ’লেও গ’লৰ ব্যৱধানৰ বাবে ম্যানমাৰে অলিম্পিক কোৱালিফায়াৰ্ছৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে।

Related News