• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 6, 2025 7:37 pm
58
VIEWS
Share on FacebookShare on Twitter

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে(ডিআৰআই) চোৰাং মেথামফেটামাইন টেবলেটৰ বিশাল চালান সৰবৰাহৰ চেষ্টা বিফল কৰে। ডিআৰআইয়ে ৩ জুন, ২০২৫ত আইজলৰ সমীপৰ আইজল-চাম্ফাই পথত এখন বাহন জব্দ কৰে।

সৰবৰাহকাৰীয়ে পিছফালৰ আসনৰ তলত আৰু ইন্ধনৰ টেংকীত বিশেষভাৱে নিৰ্মিত কোঠাত চতুৰালিৰে গুলপীয়া/কমলা ৰঙৰ টেবলেট থকা ১৬টা ইটাৰ আকাৰৰ টোপোলা লুকুৱাই হৈছিল। তালাচীৰ সময়ত উদ্ধাৰ হোৱা টেবলেটবোৰ মেথামফেটামাইন নামৰ নিষিদ্ধ ড্ৰাগছ বুলি ধৰা পৰে। আন্তঃৰাষ্ট্ৰীয় অবৈধ ড্ৰাগছৰ বজাৰত ১৬ কোটি টকাৰ মূল্যৰ ১৬ কিলোগ্ৰাম ওজনৰ নিষিদ্ধ ড্ৰাগছ বাহনখনৰ সৈতে জব্দ কৰা হৈছে আৰু চালক আৰু তেওঁৰ সহযোগীক নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) এক্ট, ১৯৮৫ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰাথমিক তদন্তত এই নিষিদ্ধ ড্ৰাগছ ম্যানমাৰৰ পৰা সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত  ডিআৰআইৰ বিষয়াসকলে ৪ জুনৰ পুৱা আটকাধীন ব্যক্তিদ্বয়ক আদালতত হাজিৰ কৰে। সেইসময়তে গ্ৰেপ্তাৰ হোৱা এজন ব্যক্তিয়ে বিষয়াসকলক আক্ৰমণ কৰি জিম্মাৰ পৰা পলায়ন কৰে।

পৰৱৰ্তী সময়ত ডিআৰআইয়ে স্থানীয় আৰক্ষী আৰু জনগোষ্ঠীৰ সহায়ত ক্ষিপ্ৰতাৰে অভিযান চলাই অভিযুক্ত ব্যক্তিজনক আইজলৰ বাহিৰৰ টলাংনুৱামৰ হৃদৈকাউনত গ্ৰেপ্তাৰ কৰে। এসপ্তাহ নৌহওঁতেই মিজোৰামত ডিআৰআইৰ দ্বাৰা মেথামফেটামাইন টেবলেটৰ বৃহৎ চালান জব্দ কৰা এইটো দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ৩০ মে’ত ৯.৭২ কেজি মেথামফেটামাইন টেবলেট জব্দ কৰাৰ লগতে চেলিঙত এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

এনডিপিএছ আইনৰ অধীনত অপৰাধীক ১০ বছৰ পৰ্যন্ত কঠোৰ কাৰাদণ্ডকে ধৰি কঠোৰ শাস্তি বিহা হৈছে।

Recent News

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd