পূজা মানে সকলো দুখ আৰু আনন্দ পাহৰি উৎসৱ উপভোগ কৰা। খোৱাটোও এই আনন্দৰ অংশ। পূজাৰ এই চাৰি-পাঁচ দিনত বিভিন্ন ৰকমৰ খাদ্য খোৱা হয়। পোলাও-চিংৰা, মাটন-চিকেন, বিৰিয়ানী, ৰোল-চৌমিন, কোনো খাদ্য পূজাৰ ভোজৰ বাহিৰত নাথাকে। বহুতে পূজাৰ উলাহত মদ্যপানো কৰে। বহুদিনৰ পিছত বন্ধু-বান্ধৱীয়ে লগ হ’লে বহুতে মদ্যপান কৰে।
কিন্তু ইউৰিক এচিডৰ সমস্যা থাকিলে মদ খাব লাগেনে?
ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে ঔষধ খোৱাৰ উপৰিও খাদ্যৰ ওপৰতো চকু ৰাখিব লাগে। কিন্তু পূজাৰ চাৰি-পাঁচ দিনত খোৱা-বোৱা সন্দৰ্ভত এনে কোনো নিয়ম মানি চলিবলৈ ৰাইজ অনিচ্ছুক।
মূলতঃ শৰীৰে পিউৰিন ভাঙি ইউৰিক এচিড গঠন কৰে। ইউৰিক এচিড তেজত দ্ৰৱীভূত হৈ প্ৰস্ৰাৱৰ সৈতে শৰীৰৰ পৰা ওলাই যায়।
এই ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে ভৰিৰ ডাঙৰ আঙুলিৰ বিষ, ভৰিৰ গোৰোহা ফুলি উঠে। আনকি বৃক্কৰ সমস্যাও দেখা দিয়ে।
এই কাৰণে ইউৰিক এচিড বৃদ্ধি হ’লে চিকিৎসকে পিউৰিন বেছি থকা খাদ্য পৰিহাৰ কৰিবলৈ কয়। আৰু ইয়াৰ ভিতৰত এলক’হল অন্তৰ্ভুক্ত। এলকহলত প্ৰচুৰ পৰিমাণে পিউৰিন থাকে। গতিকে পূজাৰ সময়ত এদিনো মদ্যপান কৰিলে ৰাতিটোৰ ভিতৰতে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
ইউৰিক এচিডৰ সমস্যা নাথাকিলেও পৰিমিতভাৱে পান কৰা উচিত। অত্যধিক মদ্যপান কৰিলেও পিউৰিনৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যাৰ বাবে আপুনি ইউৰিক এচিডৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।
ইউৰিক এচিডৰ লগতে মদ্যপানে কলেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি কৰিব পাৰে। মদ্যপানৰ লগে লগে ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও বৃদ্ধি পায়। ইয়াৰ উপৰিও আপোনাৰ যকৃতৰো ক্ষতি হয়। পাচনতন্ত্ৰৰ সমস্যা হ’লে পূজাৰ সময়ত মদ নোখোৱাই ভাল।