• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দ্ৰৌপদী মুৰ্মু: ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ প্ৰক্ষেপিত প্ৰাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2022 9:58 am
Droupadi Murmu
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে চলি থকা জল্পনা-কল্পনাৰ ওৰ পৰিল। শাসক আৰু বিৰোধী উভয় পক্ষই ঘোষণা কৰিলে ৰাষ্ট্ৰপতিৰ পদৰ বাবে নিজা প্ৰাৰ্থী। ইতিপূৰ্বে বিৰোধী পক্ষই জেষ্ঠ নেতা যশৱন্ত সিনহাৰ নাম ঘোষনা কৰাৰ পিছত মঙ্গলবাৰে নিশা শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ- ই জনজাতীয় নেত্ৰী দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ কৰি একপ্ৰকাৰৰ চমক সৃষ্টি কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে শাসকীয় পক্ষৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীয়ে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ আহিছে। এনে অৱস্থাত দ্ৰৌপদী মুৰ্মুৰ ৰূপত দেশে আন এগৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Apply Now

বিজেপিৰ সভাপতি জে পি নাড্ডাই জানিবলৈ দিয়া অনুসৰি বিজেপিৰ সংসদীয় পৰিষদে ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থীৰ বাবে ২০ গৰাকী ব্যক্তিৰ নাম আলোচনা কৰিছিল। বিশেষকৈ পূব ভাৰতৰ পৰা এগৰাকী জনজাতীয় বা এগৰাকী মহিলা প্ৰাৰ্থীক মনোনীত কৰাত গুৰুত্ব দিছিল দলটোৱে।

এই ২০ গৰাকী লোকৰ মাজৰ পৰা এন ডি এৰ সম্ভাব্য ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ তালিকাত কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ নাম চৰ্চিত হৈ আছিল। অৱশেষত মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহিতে বিজেপিৰ শীৰ্ষ নেতাসকলৰ এখন বৈঠকত দ্ৰৌপদী মুৰ্মুৰ নাম চূড়ান্ত কৰা হয়।

উল্লেখ্য যে দ্ৰৌপদী মুৰ্মু ২০১৫ চনত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল আৰু পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যপাল হিচাপে পৰিগণিত হৈছিল। লগতে তেওঁ ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল হিচাপেও ইতিহাস ৰচিছিল।

সন্তাল জনজাতিৰ এই নেত্ৰীগৰাকীয়ে বিজেপিৰ হৈ দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। উৰিষ্যাৰ বিজেডি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সময়ত তেওঁ পৰিবহন, পশুপালন আৰু মীন পালন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

কাউন্সিলৰ হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা মুৰ্মু পিছত ৰায়ৰংপুৰ ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদ বা এনএচিৰ উপাধ্যক্ষ হৈছিল। তেওঁ বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উপ সভাপতি হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল।

২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তো দ্ৰৌপদী মুৰ্মুৰ নাম চৰ্চালৈ আহিছিল। অৱশ্যে পিছত দলিত নেতা ৰামনাথ কোবিন্দক বিজেপিয়ে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিছিল।

উল্লেখ্য যে বৰ্তমান দেশৰ ৰাষ্ট্ৰপতি কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত সমাপ্ত হ’ব। পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ১৮ জুলাইত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd