ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটীয়া আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰা হয়।
নাহৰকটীয়াৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি শুক্ৰবাৰে নিশা নাহৰকটীয়াৰ চাচনী দৈয়াং গাঁৱৰ পৰা ৰাহুল ফুকন নামৰ এজন যুৱকক আটক কৰে।
ৰাহুল ফুকনৰ ঘৰ দুলীয়াজানত বুলি জানিব পৰা গৈছে।
যুৱকজনৰ পৰা ২০ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰৰ লগতে এখন চি বি জেদ বাইকো জব্দ কৰা হয়।
আনহাতে, নাহৰকটীয়া আৰক্ষীয়ে ধৃত যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া ব্ৰাউন চুগাৰ চক্ৰ উৎখাত কৰাৰ বাবে যোৰদাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোত দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ সমূহে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে।
আৰক্ষীয়ে এনে নিষিদ্ধ চক্ৰসমূহ উৎখাত কৰাৰ বাবে চলোৱা অভিযানক স্থানীয় ৰাইজ সকলে আদৰণি জনাইছে।