ড্ৰাগছে ছানি ধৰিছে তীৰ্থ নগৰী হাজো। ড্ৰাগছৰ বিৰুদ্ধে হাজোত ধাৰাবাহিক অভিযানৰ মাজতে ন ন কৌশলেৰে হাজোত ড্ৰাগছ সৰবৰাহকাৰীৰ সক্ৰিয়তা পোহৰলৈ আহিছে।
ড্ৰাগছৰ ভয়াবহতাৰ ভয়ংকৰ ছবি উন্মুক্ত কৰি হাজোৰ পাখামেলা চ’কৰ ট্ৰেফিক পইণ্টত পৰি আছে এজন ড্ৰাগছ আসক্ত যুৱক।
যুৱকৰ পৰা উদ্ধাৰ কৰা হৈছে ড্ৰাগছ ভৰ্তি কনটেনাৰ উদ্ধাৰ চিৰিঞ্জ। পেলনীয়া টিনপাত, প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰা যুৱকে সৰবৰাহ কৰে ড্ৰাগছ।
হাজোৰ পাখামেলা চক’ত ড্ৰাগছ সবৰাহকাৰী যুৱকক কৰায়ত্ত কৰিছে স্থানীয় ৰাইজে। যুৱকজনৰ পৰা উদ্ধাৰ হৈছে এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু চিৰিঞ্জ।
পেলনীয়া লোহা, টিন, প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰা যুৱকজনে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগ কৰিছে হাজোৰ স্থানীয় ৰাইজে।
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত ডেলিভাৰী বয় ড্ৰাগছ সৰবৰাহত জড়িত হোৱাৰ পিছত এইবাৰ পেলনীয়া সামগ্ৰী ক্ৰয় কৰা যুৱক ড্ৰাগছসহ আটক হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে হাজোত।
আটকাধীন যুৱকজনক স্থানীয় লোকে উত্তম-মধ্যম শোধাই গটাই দিছে আৰক্ষীক।
হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহ কৰা যুৱকজনক আটক কৰাৰ লগতে পেলনীয়া সামগ্ৰী ক্ৰয় কৰা বাহনখনো জব্দ কৰিছে।