বঙাইগাঁও আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি চহৰখনৰ কাঠলতলা মিলন নগৰৰ পৰা ড্ৰাগছৰ বেহাৰ লগত জড়িত এজন যুৱকক আটক কৰে ৷
ধৃত যুৱকজন ৰাকেশ বৰ্মন ওৰফে বাটপাৰ ওৰফে বিক্ৰম (২১) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
আৰক্ষীয়ে যুৱকজনৰ পৰা তিনিটা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ , খালী কণ্টেইনাৰ আৰু এটা মোবাইল জব্দ কৰে৷
বঙাইগাঁও সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ধৃত ৰাকেশ বৰ্মনে দীৰ্ঘদিনৰ পৰা গোপনে ড্ৰাগছৰ বেহা চলাই আহিছিল যদিও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ হোৱাত পলায়ন কৰিছিল ৷
ইতিমধ্যে ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত ৰাকেশৰ কেইবাজনো সংগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছৰে পৰা পলাতক হৈ থকা ৰাকেশে পুনৰ কাঠলতলাত আহি ড্ৰাগছৰ বেহা চলাই থকা বুলি জানিব পাৰি আৰক্ষীয়ে কৰায়ত্ব কৰে ৷
আটকাধীন ৰাকেশৰ পৰা আৰক্ষীয়ে ৩. ৯৩ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে ৷ আৰক্ষীৰ জেৰাত ধৃত ৰাকেশে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত কেইবাজনোৰো নাম প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে ৷
আৰক্ষীয়ে পিছত ধৃত যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু বুধবাৰে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰে ৷
আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছৰ বেহাৰ লগত জড়িতসকলক আটক কৰাৰ বাবে উঠি পৰি লাগিছে ৷