বটদ্ৰৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক

pp

নগাঁও জিলা নবনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত আজি আৰক্ষী উপ-পৰিদৰ্শক কল্যাণ দাসৰ নেতৃত্বত অভিযান চলাই বটদ্ৰৱাৰ কদমনি বজাৰৰ কাষৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামৰ ঘৰত তালাচী চলাই ৩২ গ্ৰামৰো অধিক হিৰোইন আৰু ১২ পেকেট ব্ৰাউন চুগাৰৰ লগতে নগদ ২২ হাজাৰ টকা জব্দ কৰে ।

বটদ্ৰৱা আৰক্ষীৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বৃহত্তৰ বটদ্ৰৱা অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি চিৰাজুল ইছলামে অঞ্চলটোৰ নৱ প্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিছিল ।