জঘন্য! পত্নীৰ প্ৰাণ লৈ মৃতদেহৰ কাষতে নিশা কটালে সুৰাপায়ী স্বামীয়ে

Drunk man kills wife

সংবাদ শিৰোনাম দখল কৰিছে বাংগালুৰুত সংঘটিত এক জঘন্য কাণ্ডই। নিজ পত্নীক হত্যা কৰি ৰাতি মৃতদেহৰ কাষতে বহি মদ্যপান কৰাৰ পিছত নিশা কটালে এগৰাকী ব্যক্তিয়ে। এই জঘন্য কাণ্ড পোহৰলৈ অহাৰ লগে লগে সৃষ্টি হৈছে চাঞ্চল্যৰ।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ ৰঙানাথপুৰত। অভিযুক্ত ভেংকটেশ নামৰ লোকজনে পত্নী নেত্ৰৱতী (৩২) আৰু ৯ বছৰীয়া পুত্ৰৰ সৈতে বাস কৰিছিল। দহ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ভেংকটেশ-নেত্ৰৱতী ।

স্থানীয় সূত্ৰৰ মতে, ভেংকটেশৰ মদ্যপানৰ অভ্যাসক লৈ প্ৰায়ে এই দম্পতীহালৰ মাজত বিবাদ হৈছিল। ঘটনাৰ নিশাও ভেংকটেশ মদ্যপান কৰি ঘৰলৈ উভতি আহিছিল। ইয়াকে লৈ দুয়োৰে মাজত পুনৰ বিবাদৰ সূত্ৰপাত হয়।

এই বিবাদৰ পৰিণতিত নেত্ৰৱতীক ডিঙিত শাৰীৰে চেঁপি হত্যা কৰে ভেংকটেশে। সেই অৱস্থাতে তেওঁ পত্নীৰ মৃতদেহৰ সৈতে নিশাটো কটায়। ইফালে দেওবাৰে পুৱা শিশুটিয়ে মাকক জগাই তুলিবলৈ চেষ্টা কৰে।

কিন্তু বহু সময় চেষ্টা কৰাৰ পিছতো শিশুটিৰ প্ৰতি কোনো সঁহাৰি নিদিলে মাকে। শিশুটিৰ চিঞৰ শুনি ওচৰ চুবুৰীয়া কিছু লোক দম্পতীহালৰ ঘৰলৈ আহে আৰু নেত্ৰৱতীক মৃত অৱস্থাত উদ্ধাৰ কৰে। লগে লগে তেওঁলোকে স্থানীয় আৰক্ষী থানাত এই খবৰ দিয়ে।

এই তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অভিযুক্ত ভেংকটেশক গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত ভেংকটেশে পত্নীক হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে।