• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অকল্পনীয়! বিমানৰ ভিতৰতে মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ সুৰাপায়ী ব্যক্তিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 12:36 pm
Drunk man urinates on female passenger’s blanket
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়াৰ ইণ্ডিয়াৰ এখন উৰন্ত বিমানৰ ভিতৰত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এক সুৰাপায়ী ব্যক্তিয়ে। সম্প্ৰতি পোহৰলৈ অহা এই ঘটনা সংঘটিত হৈছিল যোৱা বৰ্ষৰ নৱেম্বৰ মাহত। এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মহিলাগৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰে ব্যক্তিগৰাকীয়ে।

কিন্তু বিমান অৱতৰণৰ পাছত এই ঘটনা সংঘটিত কৰা ব্যক্তিগৰাকী কোনো ধৰণৰ ব্যৱস্থাৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই যায়। এই ঘটনাৰ কেইসপ্তাহমান পিছতে এয়াৰ ইণ্ডিয়াই দুৰ্বৃত্ত ব্যক্তিগৰাকীক ন’ ফ্লাই লিষ্টত স্থান দিবলৈ পৰামৰ্শ দিছিল।

Apply Now

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ঘটনা সন্দৰ্ভত বিমান সংস্থা এয়াৰ ইণ্ডিয়াক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সঞ্চালকালয়ে অভিযুক্ত ব্যক্তিগৰাকীৰ এনে দুষ্কাৰ্যৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গাফিলতি কৰাৰ প্ৰমাণিত হোৱা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি লগতে উল্লেখ কৰে।

জানিব পৰা মতে, ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মদ্যপান কৰা যাত্ৰীগৰাকীয়ে ৭০ বৰ্ষীয় মহিলা সহযাত্ৰী গৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

মহিলাগৰাকীয়ে বিমানৰ কৰ্মচাৰীসকলক এই ঘটনাৰ অভিযোগ কৰি তেওঁৰ কাপোৰ, জোতা, বেগ প্ৰস্ৰাৱত তিতি যোৱা বুলি জানিবলৈ দিয়ে। মহিলাগৰাকীৰ অভিযোগৰ পিছত বিমান কৰ্মচাৰীসকলে তেওঁক আন কাপোৰ আৰু চেণ্ডলৰ যোগান ধৰে আৰু নিজ আসনলৈ উভতি যাবলৈ কয়।

বিমানখন দিল্লীত অৱতৰণ কৰাৰ পিছত অভিযুক্ত সুৰাপায়ী যাত্ৰীগৰাকীয়ে তেওঁৰ এই দুষ্কাৰ্যৰ কোনো শাস্তিৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই যায় বুলি অভিযোগ উঠিছে। প্ৰকাশিত বাতৰি অনুসৰি, মহিলাগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতহে বিমান সংস্থাটোৱে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে।

এয়াৰ ইণ্ডিয়াৰ সূত্ৰই জানিবলৈ দিয়া মতে, অভিযুক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। এক বিবৃতিত বিমান সংস্থাটোৱে কয়, “এয়াৰ ইণ্ডিয়াই এখন আভ্যন্তৰীণ সমিতি গঠন কৰি যাত্ৰীৰাকীক ‘নো-ফ্লাই লিষ্ট’ত স্থান দিয়াৰ পৰামৰ্শ দিছিল। বিষয়টো চৰকাৰী কমিটীৰ অধীনত আছে আৰু সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে।”

আনহাতে মহিলাগৰাকীয়ে পত্ৰখনত আন এক অভিযোগো উত্থাপন কৰিছে। এই অভিযোগ অনুসৰি তেওঁ প্ৰস্ৰাৱ পৰি থকা আসনখনত বহিব নিবিচৰাৰ বাবে তেওঁক বিমানৰ ক্ৰু চিট দিয়া হৈছিল। কিন্তু এঘণ্টাৰ পাছত ক্ৰু’ৱে তেওঁক চাদৰেৰে ঢাকি থোৱা পূৰ্বৰ আসনলৈ উভতি যাবলৈ কোৱা বুলি অভিযোগ উঠিছে।

প্ৰস্ৰাৱৰ গোন্ধ ওলাই থকা আসনখনত ক্ৰুৱে বীজাণুনাশক স্প্ৰে’ কৰি দিয়ে যদিও তেওঁ আসনখনত বহিবলৈ দৃঢ়তাৰে অস্বীকাৰ কৰে আৰু অৱশেষত তেওঁক আন এখন ক্ৰু চিট দিয়া হ’ল। মহিলাগৰাকীয়ে লগতে বিজনেছ ক্লাছৰ বহু আসন খালী হৈ থকাৰ পিছতো তেওঁক আন এখন আসন দিয়া হোৱা নাছিল বুলি অভিযোগ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd