সংগৃহীত কৰ জমা নিদি নিলম্বিত হ’ল কামৰূপ(ম)ৰ ডিটিঅ’ অৰুণ বৰাসহ অন্য ৩ কৰ্মচাৰী
কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহন বিষয়া অৰুণ বৰাক নিলম্বন কৰা হৈছে।
পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে বিষয়াজনক নিলম্বন কৰা হৈছে।
যান বাহনৰ কৰ জমা কৰাৰ ক্ষেত্ৰত অনিয়মীয়াকৰণ কৰাৰ বাবে শাস্তিমূলকভাৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
তেওঁৰ লগতে অন্য তিনিগৰাকী বিষয়াকো নিলম্বন কৰা হৈছে।
জিলা পৰিবহন বিষয়া কাৰ্য্যালয়ৰ মুখ্য সহায়ক সীমান্ত নেওক, কনিষ্ঠ সহায়ক অৰূপ কুমাৰ বৰ্মণ আৰু কেচিয়াৰ সিদ্ধেশ্বৰ ৰংহাংকো নিলম্বন কৰা হৈছে।
উক্ত বিষয়াকেইগৰাকীয়ে কৰ জমা কৰাৰ ক্ষেত্ৰত কিছু অনিয়ম কৰাৰ ঘটনা পৰিবহন বিভাগৰ দৃষ্টিগোচৰ হৈছিল। এইক্ষেত্ৰত তাৎক্ষণিকভাৱে তদন্ত দিয়া হৈছিল বুলি জানিব পৰা গৈছে।
তদন্তৰ অন্তত এই কথা পোহৰলৈ আহিছিল যে কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহন বিষয়া অৰুণ বৰাৰ দ্বাৰা কৰ ফাঁকি দিয়াৰ বাবে অনুমতি দিয়া হৈছে। লগতে তেওঁ চলিত বৰ্ষত বাহন গৰাকীৰ ৰৈ যোৱা বকেয়া কৰ বাহনৰ গৰাকীৰ পৰা সংগ্ৰহ কৰিবলৈ অনুমতি দিছিল; যিটো আইন বহিৰ্ভূত আছিল।
সেয়েহে তৎকালীনভাৱে পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চাৰিওজনকে নিলম্বনৰ নিৰ্দেশ দিয়ে।
ইয়াৰোপৰি পৰিবহন আয়ুক্তক বিস্তৃতৰূপত বিষয়টো তদন্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে।