অৰুণাচলত বিজেপি নেতৃত্বাধীন পেমা খাণ্ডু চৰকাৰক সমৰ্থন জনাব জে ডি(য়ু)য়ে

JDU-and-Pema-Khandu

নীতিশ কুমাৰ আৰু পেমা খাণ্ডু

বিহাৰৰ মুখ্য মন্ত্ৰী তথা জনতা দল (য়ুনাইটেড)ৰ মুৰব্বী নিতিশ কুমাৰে অৰুণাচল প্ৰদেশৰ দলটোৰ নৱ নিৰ্বাচিত বিধায়কসকলক পেমা খাণ্ডু নেতৃত্বাধীন বিজেপি চৰকাৰখনক সমৰ্থন জনোৱাৰ বাব আহ্বান জনাইছে।

শুকুৰবাৰে ইটানগৰত অনুষ্ঠিত হোৱা অৰুণাচল ৰাজ্যিক জনতা দল য়ুনাইটেডৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অৰুণাচল প্ৰদেশৰ জে ডি য়ুৰ বিধায়িনী দলৰ নেতা তেচি কাচোৱে সংবাদ মাধ্যমক সাক্ষাৎ কৰি কয় যে দলৰ নেতা নিতিশ কুমাৰৰ পৰা লাভ কৰা এখন পত্ৰৰ পাছতে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক কেবিনেটৰ বাহিৰৰ পৰা সমৰ্থন দিয়া আৰু অৰুণাচলতো বিজেপি নেতৃত্বাধীন চৰকাৰখনক দলটোৱে সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘আমি অৰুণাচল প্ৰদেশত গঠন হোৱা বিজেপি চৰকাৰখনক বাহিৰৰ পৰা কোনো ধৰণৰ দাবী আৰু চৰ্ত নোহোৱাকৈ সমৰ্থন কৰিম, দলৰ কেন্দ্ৰীয় নেতৃত্বৰ  পৰা লাভ কৰা আদেশৰ পাছতে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়’ কাচোৱে সংবাদ মাধ্যমৰ আগত কয়।

ৰাজ্যখনৰ জেডি(য়ু)ৰ মুখপাত্ৰ হায়েং মাংফিয়ে এতিয়ালৈ আনুষ্ঠানিকভাৱে বিজেপিক সমৰ্থন কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ লিখিত প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই যদিও তেওঁলোকে সাধাৰণ লোকৰ সহায় হোৱাকৈ প্ৰস্তুত কৰা চৰকাৰৰ নীতি আৰু কাৰ্য্যক সদায় সমৰ্থন কৰি যাব বুলি উল্লেখ কৰে।

যিহেতু বিজেপিয়ে ৰাজ্যখনত এন পি পি, পি পি এ আৰু জ ডি (য়ু)ৰ  লগত নিৰ্বাচনৰ আগত কোনোধৰণৰ মিত্ৰতা স্বাক্ষৰ কৰা নাই তেনেক্ষেত্ৰত বিজেপিয়ে দলটোৰ তেওঁলোকৰ সমৰ্থনৰ প্ৰস্তাৱক গ্ৰহণ কৰে নে নকৰে সেয়া লক্ষ্যণীয় হ’ব বুলিও মুখপাত্ৰ গৰাকীয়ে কয়।