• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মানৱতাঃ ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ ডেৰ কোটি টকাৰ বিল ৰেহাই দিলে চিকিৎসালয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 16, 2020 7:27 pm

2 min read

Dubai-Indian-Corona
5.6k
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীত মানৱতাৰ এতিয়াও অপমৃত্যু হোৱা নাই। তাৰেই প্ৰমাণ পোৱা গ’ল ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত এজন ভাৰতীয় ৰোগীৰ ক্ষেত্ৰত।

ৰোগী জনৰ নাম ৰাজেশ ওৰনাল। ঘৰ তেলেংগানাৰ হায়দৰাবাদত।

কৰ্মসূত্ৰে ৰাজেশ থাকে ডুবাইত। ডুবাইৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানত প্ৰায় দুবছৰ ধৰি কাম কৰি থকা ৰাজেশ চলিত বৰ্ষৰ এপ্ৰিল মাহত হঠাতে অসুস্থ হৈ পৰে।

ব্যয় বহুল মহানগৰী ডুবাইত যিহেতু চৰকাৰী চিকিৎসালয়ৰ সংখ্যা তেনেই কম সেয়ে ৰাজেশে ইচ্ছা নথকা সত্বেও ভৰ্তি হবলগীয়া হৈছিল এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত।

ৰাজেশৰ চিকিৎসা চলি আছিল, এনেতে জুন মাহৰ প্ৰথম ভাগত তেওঁৰ দেহত ধৰা পৰে ক’ৰ’ণা ভাইৰাছ।

তথাপি চিকিৎসালয় খনতে ৰাজেশৰ চিকিৎসা চলাই গ’ল চিকিৎসকে।

চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ বলত ৰাজেশে ক’ৰ’ণাৰ পৰা মুক্ত হৈ নতুন জীৱন পালে।

কিন্তু ৰাজেশৰ জীৱনত নতুন সংকট আৰম্ভ হ’ল এইবাৰহে।

প্ৰায় ৮০ দিন ধৰি চিকিৎসা কৰাৰ বাবদ চিকিৎসালয় কৰ্তৃপক্ষই ৰাজেশৰ হাতত তুলি দিলে ১ কোটি ৫৩ লাখ টকাৰ বিল।

কিন্তু ৰাজেশে কিদৰে পৰিশোধ কৰিব ইমান বিশাল অংকৰ বিল!

এইবাৰ দৃশ্যপটত আৱিৰ্ভাব ঘটিল গালফ প্ৰটেকছন ছোচাইটিৰ এজন কৰ্মকৰ্তাৰ।

তেওঁ ৰাজেশৰ অৱস্থাতো বুজি চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে কথা পাতিলে আৰু তেওঁৰ প্ৰচেষ্টাতে ৰাজেশক চিকিৎসালয় কৰ্তৃপক্ষই সমুদায় বিল ৰেহাই দিয়ে।

কেৱল সেয়াই নহয়,ৰাজেশক হায়দৰাবাদলৈ উভতি অহাৰ বিমানৰ টিকটো কাটি দিলে চিকিৎসালয় কৰ্তৃপক্ষই।

লগতে হাত খৰচ হিচাবে হাতত গুজি দিলে ১০ হাজাৰ টকা।

সঁচাকৈয়ে ইয়াকে কয় মানৱতা।

Tags: COVID-19

Recent News

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd