মিঞাই হাইজেক কৰিছে দেশী মুছলমানৰ পৰিচয় ! দেশী জনগোষ্ঠী মঞ্চৰ অভিযোগ

মিঞাই হাইজেক কৰিছে দেশী মুছলমানক ! মিঞাই দেশী মুছলমানক হাইজেক কৰি ১কোটি ৪০ লাখৰ মিঞাৰ কথা কবলৈ গৈ অকল পশ্চিম অসমৰ ১৪ লাখ ৫০ হাজাৰ দেশী মানুহক হাইজেক কৰি মিঞাই নিজৰ খালৈ ভৰাই দেশী জনগোষ্ঠীৰ পৰিচয় নসাৎ কৰাৰ ষড়যন্ত্ৰ ৰচিছে।

এই অভিযোগ দেশী জনগোষ্ঠী মঞ্চৰ ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ খৰিধাৰাত অনুস্থিত কৃষ্ণাই আঞ্চলিক দেশী জনগোষ্ঠী তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনত এনেদৰে মিঞাৰ বিৰুদ্ধে সৰৱ হৈ উঠে দেশী জনগোষ্ঠীয় মঞ্চই ৷

কৃষ্ণাইত অনুষ্ঠিত হোৱা এই অধিৱেশনতে দেশী জনগোষ্ঠীৰ নেতৃত্বই কয়- “আমি মুছলমান হ’ব পাৰোঁ, কিন্তু আমাৰ বিশেষত্ব আছে, আমাৰ স্বকীয় পৰিচয় আছে, ভাষা, কৃষ্টি, সংস্কৃতি আছে, আমি অসমত বসবাস কৰা ইয়াৰে ভূমিপুত্ৰ, ইয়াৰে খিলঞ্জীয়া হয়। আমাৰ পৰিচয় আৰু স্বকীয়তাক চৰকাৰে খিলঞ্জীয়া হিচাবে স্বীকৃতি দিছে ।যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। ”

কৃষ্ণাইত অনুষ্ঠিত হোৱা এই দেশী জনগোষ্ঠীও অধিৱেশনৰ সময়ত কৃষ্ণাই চহৰত এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। য’ত দেশী জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি-সংস্কৃতি সমূহ উপস্থাপন কৰে ৷