NORTHEAST NOW (Assamese)

টীয়কত প্ৰতিকূল বতৰ, ক’ভিড প্ৰট’কলৰ বাবে অষ্টমীৰ দিনাও নাই উচাহ

October 24, 2020 11:14 am · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও

প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ মাজেৰে সমগ্ৰ দেশতে  উদযাপিত হৈছে শাৰদীয় দূৰ্গা পূজা। ব্যতিক্ৰম নহয় যোৰহাটৰ টীয়কো।

ত্ৰিশ বছৰ গৰকা টীয়কৰ ৰাধা-কৃষ্ণ মন্দিৰ প্ৰাঙ্গনত আয়োজিত পূজাত আজি অষ্টমীৰ দিনা নাই ভক্তৰ সমাগম।

প্ৰতিকূল বতৰেও ম্লান কৰিছে পূজাৰ আনন্দ। টীয়ক নগৰৰ মাজ মজিয়াৰ এই পূজাক কেন্দ্ৰ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বিগত পূজাৰ সময়ত গঢ় লৈ উঠা ব্যৱসায় প্ৰতিষ্ঠান এইবাৰ স্থাপন কৰাত প্ৰশাসনৰ বাধাৰ বাবে টীয়কত নাই পূজাক কেন্দ্ৰ কৰি কোনো অতিৰিক্ত দোকান পোহাৰ।

কেৱল মাত্ৰ আধ্যাত্মিকতা ৰক্ষা কৰিহে বিনা মূৰ্তিৰে উদযাপিত হৈছে পূজাভাগ।

উল্লেখযোগ্য যে মন্দিৰ প্ৰাংগণত ক’ভিড প্ৰট’কল অৱলম্বন কৰি হাত ধোৱাকে প্ৰমুখ্য কৰি বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে পূজা পৰিচালনা সমিতিয়ে।

Related News