বিৰোধৰ বাবে নাগৰিকত্ব বিধেয়ক স্থগিত : শীতকালীন অধিৱেশনত উত্থাপিত হোৱাৰ আশা ক্ষীণ

citizenship-ammendment-bill-2016

২৭ নৱেম্বৰ মঙলবাৰে যুটীয়া সংসদীয় কমিটীৰ বৈঠকৰ পাছত কথা স্পষ্ট হৈ পৰিছে কেন্দ্ৰই নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ স্থগিত ৰাখছে। ঘাইকৈ অসমত এই বিধেয়কখনৰ বিৰূদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পৰিপ্ৰেক্ষিততেই এই বিধেয়কখন স্থগিত ৰখা হৈছে।

জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ অগৰৱালে সদস্যকসলক জনাইছে যে সংসদৰ শীতকালীন অধিৱেশৰ আৰম্ভণিৰ মাত্ৰ এদিন পূৰ্বেহে পেনেলৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে।

ইয়ে এই কথা জনা যায় যে শীতকালীন অধিৱেশনত এই বিধেয়কখন উত্থাপিত কৰাটো অসম্ভৱ। উল্লেখ্য যে পেনেলৰ বহুকেইগৰাকী সদস্যই বিধেয়কখনৰ সংশোধনী বিচাৰিছিল।

উল্লেখ্য যে বিজেপিৰ মিত্ৰদল এজিপিকে ধৰি অসমৰ বহুকেইটা আঞ্চলিক দলে নাগৰিকত্ব বিধেয়কখনৰ তীব্ৰ বিৰোধীতা কৰিছিল। আঞ্চলিক দলসমূহে যুক্তি দৰ্শাইছিল যে উক্ত বিধেয়কখনে ১৯৮৫ৰ অসম চুক্তিৰ চৰ্তাৱলী ভংগ কৰিছে।

বিজু জনতা দলৰ সদস্য ভৰ্তৃহৰি মহতাবে বিধেয়কখনত বাংলাদেশক বাদ দি শ্ৰী লংকাৰ সংখ্যালঘূসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান বাট মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে।

কাংগ্ৰেছ আৰু চিপিআই (এম) শৰণাৰ্থীসকলে কোনখন ৰাষ্ট্ৰৰ পৰা আহিছে তাত মন নিদি বিধেয়কখনৰ সংশোধনী কৰাটো বিছাৰিছে।

বিৰোধী দলসমূহে আৰু প্ৰস্তাৱ দিছে যে অসমৰ ভূতপূৰ্ব মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শপতনামা অনুসৰি ২০১৪ৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা সকলোকে বিশেষীকৃত নাগৰিকত্ব প্ৰদান কৰাৰ আৰু ২০১৪ চনটো অন্তিম দিন হিচাপে বিৱেচনা কৰাৰ পোষকতা কৰিছে।