NORTHEAST NOW (Assamese)

নিৰ্বাচনত বিজেপি কোনো ফেক্টৰেই নহয় : এই বিস্ফোৰক মন্তব্য কোনে ক’ত কৰিলে?

March 21, 2021 4:19 pm ·

সমাগত বিধান সভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে।

সমান্তৰালকৈ বিশ্বনাথটো দেখা পোৱা গৈছে প্ৰতিটো দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত বহু ভি আই পি আৰু ভি ভি আই পি নেতাৰ অংশগ্ৰহণ।

ইয়াৰ মাজতে বিশ্বনাথ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা এগৰাকী প্ৰাৰ্থীৰ মন্তব্য বিশ্বনাথত বিজেপিৰ কোনো ফেক্টৰেই নহয় বুলি ঘোষণা কৰিছে। তেওঁৰ মতে প্ৰতিদ্বন্দ্বিতা হ’ব কংগ্ৰেছৰ সৈতেহে।

বিশ্বনাথত সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তথা বিশ্বনাথ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলদুল বৰকটকীয়ে।

সংবাদমেলত দুলদুল বৰকটকীয়ে অভিযোগ কৰি কয় যে বিশ্বনাথৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰ অথবা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

বিশ্বনাথত বহু কৰিবলগীয়া কাম আছে, যিসমূহ কাম আজি পৰ্যন্ত বিশ্বনাথৰ বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰে কৰিবলৈ সক্ষম নহ’ল তথা চূড়ান্তভাবে ব্যৰ্থ হৈছে।

সমাগত নিৰ্বাচনত বিশ্বনাথৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলদুল বৰকটকী বিজয় হ’লে বিশ্বনাথৰ সামগ্ৰিকভাবে উন্নয়নৰ চেষ্টা কৰিব বুলি উল্লেখ কৰে।

Related News