NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰাৰ পিছতে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিলে বিধায়ক তেৰছ গোৱালাই

October 25, 2018 12:57 pm · অভিক চক্ৰবৰ্তী
বিজেপি বিধায়ক তেৰছ গোৱালা

যোৱা ২২ অক্টোবৰত ৰাজ্যৰ ৪০ টা নিগম-নিকায়ত অধ্যক্ষ তথা উপাধ্যক্ষ পদত হোৱা নিযুক্তিৰ বিৰুদ্ধে খেলি মেলিৰ অভিযোগ উত্থাপন কৰি মুখ্য মন্ত্ৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা দুলীয়াজান সমষ্টিৰ বিজেপি বিধায়ক তেৰছ গোৱালাই বুধবাৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ পাছতে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰে।

বিজেপিৰ বিধায়কগৰাকীয়ে কালি ডিব্ৰুগড়ত থকা মুখ্য মন্ত্ৰীৰ বাসগৃহত সোণোৱালক সাক্ষাৎ কৰাৰ পাছতে পদত্যাগ পত্ৰ প্ৰত্যাহাৰৰ কথা ৰাজহুৱাভাৱে জনায়। ভৱিষ্যতে দুলীয়াজান সমষ্টিৰ যিকোনো বিষয়তে যদি চৰকাৰে কিবা সিদ্ধান্ত ল’বলগীয়া হয় তেন্তে স্থানীয় বিধায়কগৰাকীক অৱগত কৰিব বুলি মুখ্য মন্ত্ৰী সোণোৱালে আশ্বাস প্ৰদান কৰাৰ বাবেই বিধায়ক গোৱালাই এই সিদ্ধান্ত লয়।

জানিব পৰা মতে সাক্ষাতৰ সময়ত মুখ্য মন্ত্ৰীগৰাকীয়ে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱাত দলীয় কৰ্মীসকলৰ লগত আলোচনা কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনায় বিধায়ক গোৱালায়।

উল্লেখযোগ্য যে বলিন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদতে মঙলবাৰে গোৱালাই বিধায়ক পদৰ লগতে বিজেপিৰ সকলো দলীয় দায়িত্বৰ পৰা পদত্যাগ কৰিছিল।

Related News