নিষিদ্ধ ঘোষিত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক চেলিব্রেটি সজোৱা হৈছে: দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম

বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে এক সংবাদমেল অনুষ্ঠিত কৰি নিষিদ্ধ ঘোষিত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক চেলিব্রেটিৰ ৰূপ দিয়া হৈছে বুলি মন্তব্য কৰে।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় “এতিয়া আলফালৈ অসমীয়া যুৱক বেছিকৈ যাবলৈ ধৰিছে।নিষিদ্ধ ঘোষিত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক চেলিব্রেটিৰ ৰূপ দিয়া হৈছে ।

পৰেশ বৰুৱাই অনৱৰতে টেলিভিছনৰ পৰ্দাত বিজ্ঞাপন দিয়াৰ দৰে মন্তব্য কৰি থাকে। সেই কাৰণেই একাংশ যুৱক আলফালৈ ধাৱমান হৈছে।

আৰক্ষী সঞ্চালক প্ৰধানে গোটেই ঘটনাটো সাহিত্যিৰ দৃষ্টিভংগীৰে চোৱা বুলিও তেওঁ মন্তব্য কৰিছে। পাৰ্থ সাৰথি মহন্তৰ দুৰ্বল মন্তব্যক সমালোচনা কৰি আৰক্ষীয়ে দুমুখীয়া স্থিতি লৈছে বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ কয় “যিটো সময়ত শান্তি চুক্তিৰ আলোচনা চলিছে সেই সময়ত গুপ্তচৰ পঠিয়াটো আশ্চৰ্যজনক।”

বৃহস্পতি বাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণকলৈ দুখন জিলাত বন্ধ ঘোষণা কৰা কথাটোৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে তীব্ৰ বিৰোধিতা কৰে ।

অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি বন্ধ বাতিল কৰাৰ দাবী জনোৱাৰ লগতে সাধাৰণ ৰাইজক পণবন্দী কৰি বাছসমূহ অধিগ্ৰহণ কৰাৰো সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰে।