কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আৰাজ্যিক কৰ্কট চিকিৎসালয়ত কৰ্কট ৰোগীৰ চিকিৎসা মাচুল ব্যাপক বৃদ্ধিৰ সিদ্ধান্তক অবিবেচক, অকল্পনীয় আৰু দানৱীয় সিদ্ধান্ত বুলি অভিহিত কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত ডি ৱাই এফ আইয়ে দাবী জনাইছে। কৰ্কট প্ৰতিষ্ঠানখনে অভাৱনীয় হাৰত মাচুল বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি সাধাৰণ বিচনাৰ (জেনেৰেল বেড) মাচুল ২০০ টকাৰ পৰা ১৫০০ টকালৈ, পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা ৩৬০ টকালৈ, এজনীয়া কেবিনৰ মাচুল ৩০০০ টকাৰ পৰা ৪৫০০ টকালৈ, যৌথ কেবিনৰ মাচুল ২০০০ টকাৰ পৰা ৩ হাজাৰলৈ, ICUৰ মাচুল ১৫০০ টকাৰ পৰা ৪ হাজাৰ টকালৈ, তেজ পৰীক্ষাৰ মাচুল ১২০০ ৰ পৰা ২৪০০ টকালৈ, চি টি স্কেনৰ মাচুল ৪৫০০ ৰ পৰা ৬৫০০ টকালৈ বৃদ্ধি কৰাৰ লগতে ৰোগী ভৰ্তি হোৱাৰ সময়ত ১০,০০০ টকা আগধন জমা দিয়াৰ নতুন নিয়ম বান্ধি দিছে। এই সিদ্ধান্তই ৰাজ্যৰ বিভিন্ন অংশৰ মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বীপত গঢ়ি উঠা ৰাজ্যিক কৰ্কট চিকিৎসালয়খনে যদি সাধাৰণ দুখীয়া ৰোগীৰ কথা চিন্তা নকৰি নিজৰ ইচ্ছা মতে যদি মাচুল বৃদ্ধি কৰে, তেন্তে এনে যৌথ প্ৰতিষ্ঠান পৰিচালনা আৰু মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভুমিকা কি বুলি প্ৰশ্ন উত্থাপন কৰিছে ডি ৱাই এফ আইয়ে। ৰাজ্যিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠানখনলৈ মূলতঃ ৰাজ্যৰ দুখীয়া আৰু আৰ্থিকভাৱে দুৰ্বল অংশৰ লোকেই চিকিৎসা কৰিবলৈ আহে, তেনেস্থলত চিকিৎসা মাচুল বৃদ্ধিৰ অৰ্থই হৈছে সাধাৰণ মানুহৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিয়া। ৰাজ্যৰ চৰকাৰী ভূমি আৰু আন্তঃগাঁথনি ব্যৱহাৰ কৰি কেইবাখনো পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বীপত কৰ্কট প্ৰতিষ্ঠান গঢ়ি উঠিছে। আৰম্ভণিতে ৰাজ্যবাসীৰ সুবিধাৰ্থে এইসমূহ প্ৰতিষ্ঠান গঢ়ি তোলা বুলি চৰকাৰৰ পক্ষৰ পৰা দাবী জনাই আহিছিল। কিন্তু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তই প্ৰমাণ কৰি দিছে যে জনতাৰ সেৱা নহয়, ব্যৱসায়ীক দৃষ্টিভংগী আগত ৰাখিহে এই প্ৰতিষ্ঠানসমূহ নিৰ্মাণ কৰা হৈছে। মুড়ি-পিঠাগুড়িৰ দৰে সামগ্ৰীত জি এছ টি লগাই কৰ সংগ্ৰহ কৰা বিজেপি চৰকাৰে যে ৰাজহ সংগ্ৰহৰ বাবে কৰ্কট ৰোগীকো ৰেহাই নিদিব সেয়া সৰ্বসাধাৰণ ৰাইজৰ কল্পনাৰ বাহিৰত আছিল। এনে নিঃকৃষ্ট কাণ্ডৰ পৰা আঁতৰি আহি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে ।