চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাৰ ফলাফলত বিসংগতি কিয়? নিযুক্তিত স্বজন তোষণ হোৱাৰ আশংকা ডি ৱাই এফ আইৰ

মুখ্যমন্ত্ৰীয়ে ফলাফল প্ৰকাশৰ দিন ঘোষণাৰ এদিন আগতে ৱেবচাইটত ফলাফল প্ৰকাশ হোৱাৰ লগতে উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ প্ৰকাশ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

নিযুক্তি প্ৰত্যাশী প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে ফলাফললৈ বাট চাই আছিল যদিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নিৰ্দিষ্ট তাৰিখৰ পৰিৱৰ্তে এদিন আগতে ফলাফল প্ৰকাশ হোৱা আৰু প্ৰাপ্ত নম্বৰ প্ৰকাশ নকৰাত নানা সন্দেহৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: ‘প্ৰধানমন্ত্ৰী দৰাচলতে ধৰ্ষণকাৰীসকলৰ সৈতে আছে!’-কাৰ অভিযোগ?

উল্লেখ্য যে ২৬ হাজাৰ পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা বাচনি পৰীক্ষাৰ পাছত গুৰুতৰ অনিয়ম সম্পৰ্কত কেইবাটাও অভিযোগ উত্থাপিত হৈছে।

ভিক্টৰ দাস নামৰ যুৱকজনে অনিয়মৰ অভিযোগ উত্থাপন কৰাৰ উপৰি এই কাৰ্যত জৰিত লোকৰ ফোন নম্বৰ আৰক্ষীক জমা দিছিল। কিন্তু এই নম্বৰ বা অভিযোগ সম্পৰ্কে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেই সম্পৰ্কে অসম চৰকাৰ বা আৰক্ষী বাহিনীয়ে আজিলৈ কোনো তথ্য প্ৰকাশ নকৰিলে। এনে উদ্বেগ আৰু সন্দেহ চলি থকাৰ মাজতে আশ্চৰ্যকৰভাৱে কালি ফলাফল প্ৰকাশ হ’ল।

আনহাতে, আশ্চৰ্যজনকভাৱে চৰকাৰে চতুৰ্থ বৰ্গৰ পদৰ বাবে মৌখিক পৰীক্ষা ল’ব বুলি ঘোষণা কৰিছে। অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত নিযুক্তিৰ ক্ষেত্ৰত কোনো মৌখিক পৰীক্ষাৰ ব্যৱস্থা নাই। এনে অৱস্থাত চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে হঠাৎ মৌখিক পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ল কিয় ? খোদ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে চতুৰ্থ বৰ্গৰ পদত কোনো মৌখিক পৰীক্ষা নাথাকে, তেন্তে এয়া কি ?

লগতে পঢ়ক: ইউক্ৰেইনৰ চাৰিটা অধিকৃত অঞ্চলো পাৰমাণৱিক সুৰক্ষাত থাকিব: ৰাছিয়া

ডি ৱাই এফ আইয়ে আশংকা প্ৰকাশ কৰিছে যে এই মৌখিক পৰীক্ষাৰ নামত যথেষ্ট স্বজন তোষণ কৰাৰ সম্ভাৱনা আছে। সেয়ে ডি ৱাই এফ আইয়ে দাবী কৰিছে প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ প্ৰকাশ কৰক; সৰ্বোচ্চ নম্বৰ প্ৰাপ্তসকলক নিযুক্তি দিয়ক আৰু ফলাফল প্ৰকাশৰ ঘোষিত দিনৰ আগতে কেনেকৈ ফলাফল প্ৰকাশ হ’ল সেয়া স্পষ্ট কৰক।