DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্তৰ অৱহেলাৰ বাবেই ডিমা হাছাওত বন্ধ ৩৭ খনকৈ বিদ্যালয় : ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2023 8:30 pm
104
VIEWS
Share on FacebookShare on Twitter

দুৰ্গম যাতায়াত ব্যৱস্থা আৰু আৰ্থিক-সামাজিক দিশত পিছ পৰা জিলা ডিমা হাছাওৰ ৩৭ খনকৈ  চৰকাৰী বিদ্যালয় বন্ধ কৰা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে গৰিহণা জনাইছে আৰু এয়া চৰকাৰৰ ভুল নীতিৰ পৰিণাম বুলি অভিহিত কৰিছে।

এয়া পাহাৰীয়া জিলাখনৰ প্ৰতি চৰকাৰখন প্ৰেমৰ নমুনা বুলি ডি ৱাই এফ আইয়ে অভিহিত কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি পাহাৰীয়া জিলাখনৰ উক্ত বিদ্যালয়সমূহত দীৰ্ঘদিন ধৰি পৰ্যাপ্ত শিক্ষক নাছিল। বহু বিদ্যালয়ৰ ঘৰ-দুৱাৰেই নাছিল। চৰকাৰৰ ভুল নীতিৰ বাবেই যে চৰকাৰী বিদ্যালয়ৰ এই পয়ালগা অৱস্থা হৈছে সেয়া নিশ্চিত। 

আন এটা উদ্বেগজনক দিশ হৈছে সমতলৰ বিদ্যালয়ৰ দৰে তুলনামূলকভাৱে জনবসতি পাতল পাহাৰীয়া  অঞ্চলৰ ছাত্ৰ-শিক্ষকৰ অনুপাত মিলাই শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা। বহু দুৰ্গম অঞ্চলত জনবসতি অতি কম অথচ দূৰ-দূৰণিলৈ কোনো বিদ্যালয় নাই। এনে অৱস্থাত পাহাৰীয়া অঞ্চলৰ বিদ্যালয় সম্পৰ্কত অন্য ধৰণে চিন্তা কৰাৰ প্ৰয়োজন আছিল যদিও চৰকাৰে কোনো পদক্ষেপ লোৱা নাই।

আনকি বহু অঞ্চলত মাতৃভাষাত শিক্ষা গ্ৰহণৰো কোনো সুবিধা নাই। এনে বহু সমস্যাই চৰকাৰী শিক্ষা ব্যৱস্থাক দুৰ্বল কৰি পেলাইছে আৰু শেষত তেনে বিদ্যালয় চৰকাৰে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

চৰকাৰে ইতিমধ্যে যোৱা ৬ বছৰত চৰকাৰে ৭৫৫২খন বিদ্যালয় বন্ধ কৰিছে। চৰকাৰে ৰাজহুৱা শিক্ষাৰ পৰা নিজৰ দায়িত্ব আঁ‌তৰাই আনিব বিচাৰিছে আৰু তাৰেই পৰিণাম হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিদ্যালয় বন্ধ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰ্থিক দিশত পিছ পৰা ৰাজ্যখনৰ বাবে এয়া মুঠেই সুখবৰ নহয়।

ডি ৱাই এফ আইয়ে বিদ্যালয় বন্ধ প্ৰক্ৰিয়া বাতিল কৰি চৰকাৰী বিদ্যালয়ৰ দুৰ্বলতাসমূহ চিনাক্ত কৰা আৰু তাৰ ভিত্তিত বিদ্যালয়সমূহ উন্নত কৰি গঢ়ি তোলাৰো দাবী জনাইছে।

Recent News

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd