এছ আই টিৰ ভুলৰ বাবে এপিএছচি কেলেংকাৰিৰ আন এজন অভিযুক্ত সুকণ্যা দাসে পালে জামিন: ডি ৱাই এফ আই

`মুখ্যমন্ত্ৰীৰ নিৰ্দশতে এছ আই টিয়ে তদন্তৰ নামত নাটক কৰিছে’

এপিএছচি কেলেংকাৰিত অভিযুক্ত বিষয়া সুকন্যা দাস। ফাইল ফটো।

পুনৰ এপিএছচি কেলেংকাৰিত অভিযুক্ত আন এজন বিষয়া সুকন্যা দাসে জামিন পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে এই কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পালৰ সোঁ‌হাত স্বৰূপ নন্দবাবু সিনহাই জামিন পাবলৈ সক্ষম হৈছিল। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাত আশ্চৰ্য প্ৰকাশ  কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

এছ আই টিয়ে তদন্তৰ নামত নাটক কৰিছে বুলিও ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে। আশ্চৰ্যকৰ কথা যে এই দুয়োটা জামিন পোৱা ঘটনাৰ লগত এছ আই টিৰ অৱহেলা স্পষ্ট হৈ পৰিছে।

সুকন্যা দাসক যিহেতু ৰাজসাক্ষী হিচাপে লৈছে তেনে ক্ষেত্ৰত তেওঁ গ্ৰেপ্তাৰৰ বাবে আদালতৰ আগতীয়া অনুমতিৰ প্ৰয়োজন আছিল। কিন্তু আশ্চৰ্যজনকভাৱে এছ আই টিয়ে সেই কামটো নকৰিলে। ইয়াৰ পূৰ্বে এপিএছচি কেলেংকাৰিৰ অন্যতম অভিযুক্ত, মুখ্য পৰীক্ষা  নিয়ন্ত্ৰক নন্দবাবু সিনহাইও একেই কৌশলত জামিন পাবলৈ সক্ষম হৈছিল।

লগতে পঢ়কঃ U19 World Cup: যুৱ বিশ্বকাপৰ আৰম্ভণিতে বৃহৎ জয় ভাৰতৰ; ৮৪ ৰানত পৰাস্ত কৰিলে বাংলাদেশক

এছ আই টিৰ কৌশলগত দুৰ্বল ভুমিকাই জামিন পোৱাৰ পথ মুকলি কৰিছে। তেওঁলোকৰ এই ভুমিকাই ডি ৱাই এফ আইৰ লগতে অসমৰ সচেতন ৰাইজ, যুৱক-ছাত্ৰৰ মনত নানা সন্দেহৰ সৃষ্টি কৰিছে।

ডি ৱাই এফ আইয়ে এছ আইটিৰ সামগ্ৰিক ভুমিকাকলৈয়ে প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপিএছচি কেলেংকাৰিত অভিযুক্তৰ শ্ৰেণী বিভাজন কৰি, তদন্তৰ পাছত তদন্ত ঘোষণা কৰি দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ যি কৌশল লৈছিল সেই একেই কৌশলেৰেই প্ৰতীক থুবেৰ নেতৃত্বত এছ আই টিয়ে কাম কৰিছে। এয়া ৰাজ্যখনৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক আৰু উদ্বেগৰ বিষয় বুলি ডি ৱাই এফ আইয়ে মত প্ৰকাশ কৰিছে।

সংগঠনটোৰ মতে, প্ৰতীক থুবেৰ নেতৃত্বত এপিএছচি কেলেংকাৰিৰ তদন্তৰ নামত এখন ডাঙৰ নাটক চলিছে। মুখ্যমন্ত্ৰীয়ে লিখি দিয়া স্ক্ৰীপট মতেই এছ আই টিৰ বিষয়া প্ৰতীক থুবে কাম কৰিছে। তেওঁ‌লোকে ৰাজ্য কঁ‌পাই যোৱা কেলেংকাৰিৰ তদন্তৰ ক্ষেত্ৰত কিমান গুৰুত্বসহকাৰে লৈছে ? ৪৫,০০০ পৰীক্ষাৰ বহী জ্বলাই দিয়া নন্দবাবু সিনহাৰ বিৰুদ্ধে যি তথ্য প্ৰমাণ দিব লাগিছিল সেয়া দিব নোৱাৰিলে। সুকন্যা দাসৰ ক্ষেত্ৰতো একেই হ’ল।

লগতে পঢ়কঃ গুৱাহাটীৰ ব্যৱসায়ী শৈলেন দত্ত কোঁৱৰৰ পৰলোকপ্ৰাপ্তি

ইয়াৰ লগতে আন এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ডি ৱাই এফ আইয়ে। এছ আই টি গঠন হোৱা চাৰি মাহ উকলি গ’ল, এই চাৰি মাহত তেওঁলোকে প্ৰকৃততে কি তদন্ত কৰিলে ? প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী প্ৰমাণিত কৰা ৩৪ জন বিষয়াক সোধ-পোচ কৰোঁতেই তেওঁলোকে ৪ মাহ পাৰ কৰিলে। যোৱা ৩০ ছেপ্টেম্বৰত গঠিত হোৱা এছ আই টিখনে দুই তিনিদিনৰ মূৰত ২-৩ জনকৈ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা বিষয়াক চমন দিয়ে দায়িত্ব সামৰিছে। ইয়াৰ বিপৰীতে পূৰ্বৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেশ্বৰে একেলগে ২০-৩০ জন বিষয়াক চমন দি মাতি আনি তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল।

আচৰিত কথাটো হ’ল তেতিয়া দুই তিনি সপ্তাহতে জামিন পাবলৈ সক্ষম হোৱা নাছিল। অথচ মুন্না প্ৰসাদ গুপ্তাৰ দৰে এজন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (চি আই ডি) আৰু প্ৰতীক থুবেৰ দৰে আই পি এছ  বিষয়াৰে গঠিত এছ আই টিয়ে তদন্তৰ নামত কেৱল ভেঁ‌কোভাওনা কৰিছে। প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে লিখি দিয়া স্ক্ৰীপ্ট মতেই তেওঁলোকে নাটকত ভাও দি গৈছে বুলি সন্দেহ হৈছে।

লগতে পঢ়কঃঅসন্তুষ্টি! ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে নাগা সন্তসকলো

এছ আই টিৰ তদন্তৰ নামত যে এখন ডাঙৰ নাটক চলিছে সেয়া তেওঁলোকৰ কৰ্মকাণ্ডই প্ৰমাণ কৰিছে। এয়া ৰাজ্যখনৰ বাবে অতি পৰিতাপৰ কথা বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে আৰু ই ৰাজ্যখন মেধাবী যুৱক-যুৱতীসকলক যে আশাহত কৰিব সেয়া নিশ্চিত বুলি মত ব্যক্ত কৰিছে।

ডি ৱাই এফ আইয়ে এছ আই টিৰ এই নাটক বন্ধ কৰি সঁ‌চা অৰ্থত তদন্ত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।