ছিকিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা; প্ৰাৰম্ভিক ধাৰাত মসৃন গতি শাসকীয় দলৰ, কি স্থিতি বিজেপিৰ?

প্ৰতিনিধিত্বমূলক ফটো।

অৰুণাচল প্ৰদেশৰ লগতে ছিকিম বিধানসভা নিৰ্বাচনৰ ভোটগণনাও আজি আৰম্ভ হৈছে। প্ৰাৰম্ভিক ধাৰাত ছিকিমত অপ্ৰতিৰোধ্য গতিত আগবাঢ়িছে শাসকীয় দল ছিকিম ক্ৰান্তিধাৰী মৰ্চা। বৰ্তমান দলটো ১৩খন আসনত আগবাঢ়ি আছে। ছিকিমত যাদুকৰী সংখ্যা ১৭। ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু বিজেপিয়ে এখনকৈ আসনত আগবাঢ়ি আছে।

২০১৯ৰ বিধানসভা নিৰ্বাচনত ছিকিম ক্ৰান্তিধাৰী মৰ্চাই জয়লাভ কৰিছিল।দলটোৱে ১৭খন আসন লাভ কৰি ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ২৫ বছৰীয়া শাসনৰ অন্ত পেলাইছিল। পাঁচ বছৰ পূৰ্বে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে ১৫খন আসন লাভ কৰিছিল।

লগতে পঢ়কঃ অৰুণাচল বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ; প্ৰাৰম্ভিক ধাৰাত আগবাঢিছে বিজেপি

একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে আশাবাদী ছিকিম ক্ৰান্তিধাৰী মৰ্চা। চৰকাৰ গঠনৰ ক্ষেত্ৰত আত্মবিশ্বাসী ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টো। দুয়োটা দলে ৰাজ্যৰ ৩২খন বিধানসভাৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বিজেপিয়ে ৩১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। নতুন দল চিটিজেন একচন পাৰ্টি- ছিকিমে ৩০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে ১২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ দৰে ছিকিম বিধানসভাৰ কাৰ্যকালো আজি শেষ। সেইবাবেই আজি ছিকিমৰ ফলাফল ঘোষণা কৰা হৈছে যদিও প্ৰথমে লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৪ জুনত ভোট গণনা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু আজি লোকসভা নিৰ্বাচনৰ ভোটগণনা নহয়। কেৱল বিধানসভাৰ ভোটগণনা কৰা হৈছে।